মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Sonai Rupai Wildlife Sanctuary: বনজুইয়ে বিপদ নমাইছে সোণাই-ৰূপাই অভয়াৰণ্যৰ জীৱকুললৈ

Sonai Rupai Wildlife Sanctuary: বনজুইয়ে বিপদ নমাইছে সোণাই-ৰূপাই অভয়াৰণ্যৰ জীৱকুললৈ

বনজুয়ে বিপদ নমাইছে সোনাই-ৰূপাই অভয়াৰণ্যৰ জীৱকুললৈ

বনজুয়ে বিপদ নমাইছে সোনাই-ৰূপাই অভয়াৰণ্যৰ জীৱকুললৈ

সোমবাৰে বিয়লি প্ৰায় দুই বজাত অভয়াৰণ্যখনৰ কালামাটি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কিছু নিলগত অচিনাক্ত দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাত দাও দাওকৈ জ্বলি উঠে অভয়াৰণ্যখনত বৃহৎ এলেকা । ফলত নিমিষতে জুইৰ লেলিহান শিখাত বহু মূল্যবান গছ-গছনি জাহ যায় । 

  • Share this:
তেজপুৰ, ১৪ মাৰ্চ: মঙলবাৰে সোণাই-ৰূপাই অভয়াৰণ্যত লাগিল ভয়ংকৰ বনজুই ৷ ২২০ বৰ্গ কিলোমিটাৰ বনভূমিৰে আগুৰি থকা অভয়াৰণ্যখনত সূত্ৰপাত হোৱা বনজুইয়ে অভয়াৰণ্যখনৰ জীৱকুলৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে, সোণাই-ৰূপাই বন্য়প্ৰাণী অভয়াৰণ্যখনত চোৰাংভাৱে কাঠকটা আৰু চোৰাং চিকাৰীৰ দপদপনি অব্যাহত আছে ৷

ইয়াৰ সুযোগ গ্ৰহণ কৰি আন কোনো দুৰ্বৃত্তই শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অগ্নিকাণ্ড সংঘটিত কৰি জৈৱ বৈচিত্ৰ্যৰে ভৰি থকা সোণাই-ৰূপাই বন্য়প্ৰাণী অভয়াৰণ্যখনৰ বনজ সম্পদ আৰু বন্য জীৱ-জন্তুলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

উল্লেখ্যে যে সোমবাৰে বিয়লি প্ৰায় দুই বজাত অভয়াৰণ্যখনৰ কালামাটি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কিছু নিলগত অচিনাক্ত দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাত দাও দাওকৈ জ্বলি উঠে অভয়াৰণ্যখনত বৃহৎ এলেকা । ফলত নিমিষতে জুইৰ লেলিহান শিখাত বহু মূল্যবান গছ-গছনি জাহ যায় ।

আনহাতে অভয়াৰণ্যখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ পাচতে বনকৰ্মীসকলে তৎপৰতাৰে জুই নিৰ্বাপণৰ চেষ্টা কৰে । সৌভাগ্যক্ৰমে ৰঙাপৰাৰ পৰা যোৱা অগ্নি নিৰ্বাপক বাহিনীৰ এটা দলে অভয়াৰণ্যখনত জ্বলি থকা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

সেই সময়তে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ।

অৱশ্যে কোনে কি উদ্দেশ্যে অভয়াৰণ্যখনত অগ্নি সংযোগ কৰিলে তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত বন বিভাগ আৰু মিছামাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি