মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »মৃত্যুঞ্জয় সেৱাৰ এগৰাকী চালকে উপাৰ্জন কৰিছে লাখে-লাখে টকা, কিন্তু কেনেকৈ?

মৃত্যুঞ্জয় সেৱাৰ এগৰাকী চালকে উপাৰ্জন কৰিছে লাখে-লাখে টকা, কিন্তু কেনেকৈ?

X
গাড়ীচালক //

গাড়ীচালক হিচাবে লাভ কৰা কম পৰিমাণৰ টকাৰে পৰিয়ালটো পোহপাল দিয়াত যথেষ্ট অসুবিধা দূৰ কৰাৰ চিন্তাৰে ৮ বছৰৰ পূৰ্বে জ্যোতিকমল ভূঞাই আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি ৷ উক্ত খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কেঁচুসাৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিলে ৰাসায়নিক সাৰৰ বিৰোধিতা কৰা উদ্যমী যুৱকগৰাকীয়ে ৷ সেয়েহে প্ৰয়োজনীয় কেঁচুসাৰ নিজেই প্ৰস্তুতৰ কৰিলে যুৱকজনে ৷ 

গাড়ীচালক হিচাবে লাভ কৰা কম পৰিমাণৰ টকাৰে পৰিয়ালটো পোহপাল দিয়াত যথেষ্ট অসুবিধা দূৰ কৰাৰ চিন্তাৰে ৮ বছৰৰ পূৰ্বে জ্যোতিকমল ভূঞাই আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি ৷ উক্ত খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কেঁচুসাৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিলে ৰাসায়নিক সাৰৰ বিৰোধিতা কৰা উদ্যমী যুৱকগৰাকীয়ে ৷ সেয়েহে প্ৰয়োজনীয় কেঁচুসাৰ নিজেই প্ৰস্তুতৰ কৰিলে যুৱকজনে ৷ 

  • Share this:
চাণক্য বৰুৱা, তেজপুৰ: অভাৱৰ সন্মুখীন হ'লেহে যে এগৰাকী সফল মানুহ হ'ব পাৰি সেই উদাহৰণ সময়ে সময়ে বহু লোকে দি গৈছে ৷ সেইসকল সফল লোকৰ শাৰীত আছে নাৰায়ণপুৰৰ এজন যুৱক ৷ সন্মুখীন হোৱা আৰ্থিক সমস্যাই যুৱকজনক এতিয়া এগৰাকী সফল ব্যক্তি হিচাবে সমাজত পৰিচিত কৰোৱাই দিছে ৷ যুৱকজনৰ নাম জ্যোতিকমল ভূঞা ৷

জ্যোতিকমল ভূঞা ১০৮ মৃত্যুঞ্জয় সেৱাৰ এগৰাকী এম্বুলেঞ্চ চালক ৷ লগতে এতিয়া এজন সফল কেঁচুসাৰৰ ব্যৱসায়ী ৷ মৃত্যুঞ্জয় সেৱাৰ গাড়ীচালক হিচাবে লাভ কৰা কম পৰিমাণৰ টকাৰে পৰিয়ালটো পোহপাল দিয়াত হোৱা অসুবিধা দূৰ কৰাৰ চিন্তাৰে ৮ বছৰৰ পূৰ্বে জ্যোতিকমল ভূঞাই আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি ৷ উক্ত খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কেঁচুসাৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিলে ৰাসায়নিক সাৰৰ বিৰোধিতা কৰা উদ্যমী যুৱকগৰাকীয়ে ৷

সেয়েহে প্ৰয়োজনীয় কেঁচুসাৰ নিজেই প্ৰস্তুত কৰিলে তেওঁ ৷ কেঁচুসাৰ ব্যৱহাৰ কৰি জলকীয়াৰ উৎপাদন বৃদ্ধিৰ পাচতে অন্য কৃষকেও জ্যোতিকমল ভূঞাৰ পৰা কেঁচুসাৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰে ৷ ফলত কেঁচুসাৰৰ উৎপাদনত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ ল'লে জ্যোতিকমল ভূঞাই ৷ কেঁচুসাৰৰ চাহিদা বৃদ্ধি হোৱাত জ্যোতিকমল ভূঞাই পঞ্জাবৰ পৰা প্ৰায় ১ কুইণ্টল কেঁচু ক্ৰয় কৰি আনি বৃহৎ পৰিসৰত কেঁচুসাৰৰ উৎপাদনত মনোনিৱেশ কৰে ৷

সেই আৰম্ভনিৰ পাচৰে পৰা উভতি চাবলগীয়া হোৱা নাই জ্যোতিকমল হাজৰিকাই ৷ সম্প্ৰতি মাহে প্ৰায় ৬০ৰ পৰা ৭০ কুইণ্টল কেঁচুসাৰ কেৱল অৰুণাচল প্ৰদেশতে বিক্ৰী কৰে উদ্যমী যুৱকগৰাকীয়ে ৷ কাষৰীয়া কৃষকসকলে তেওঁৰ পৰা ক্ৰয় কৰে কেঁচুসাৰ ৷ প্ৰতি কেজিত ১০ৰ পৰা ১৫ টকাকৈ বিক্ৰী কৰা কেঁচুসাৰৰ পৰা যুৱকজনে বছৰি প্ৰায় ৮ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ জ্যোতিকমল হাজৰিকাৰ এই বৃহৎ পৰিসৰৰ কেঁচুসাৰ উৎপাদনৰ ক্ষেত্ৰত তেওঁৰ পত্নীৰ লগতে আন কেইবাজনো যুৱকে সহায় কৰে বুলি জানিবলৈ দিছে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি