মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Dhemaji News: যোগ চৰ্চাৰে জগত জিনাৰ সপোন ধেমাজিৰ জীনামণিৰ

Dhemaji News: যোগ চৰ্চাৰে জগত জিনাৰ সপোন ধেমাজিৰ জীনামণিৰ

যোগ চৰ্চাৰে জগত জিনাৰ সপোন ধেমাজিৰ জীনামণিৰ

যোগ চৰ্চাৰে জগত জিনাৰ সপোন ধেমাজিৰ জীনামণিৰ

সেয়া আছিল ২০১৮ চনৰ কোনোবা এটা দিনৰ কথা ৷ ধেমাজিৰ জামুগুৰি চাৰিআলিৰ জীনামণি বৰুৱা নামৰ যুৱতীগৰাকীয়ে সেই সময়ত কলেজীয়া শিক্ষা সাং কৰি গান, নৃত্য, ফেশ্ব'ন আদি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । 

  • Share this:
তেজপুৰ, ১২ মাৰ্চ: শৈশৱতে ছোৱালীজনীৰ খেলা-ধূলাৰ প্ৰতি ৰাপ নাছিল ৷ খেতিয়ক পিতৃ-মাতৃয়ে হয়তো বিচাৰিছিল ছোৱালীজনীয়ে পঢ়ি-শুনি ভাল চাকৰি এটা কৰাটো ৷

কিন্তু হঠাতে নভবাকৈয়ে তাইৰ জীৱনত ক্ৰীড়াৰ বীজ অংকুৰিত হ'ল ৷ সেয়া আছিল ২০১৮ চনৰ কোনোবা এটা দিনৰ কথা ৷ ধেমাজিৰ জামুগুৰি চাৰিআলিৰ জীনামণি বৰুৱা নামৰ যুৱতীগৰাকীয়ে সেই সময়ত কলেজীয়া শিক্ষা সাং কৰি গান, নৃত্য, ফেশ্ব'ন আদি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।

তথাপিও যেন জীনামণিক দাৰিদ্ৰতাই বাধা দি ৰাখিব বিচাৰিছিল ৷ জীনামণিয়ে বিচাৰিছিল যোগচৰ্চাৰ জৰিয়তে জগত জিনিবলৈ ৷ দাৰিদ্ৰতাই কোঙা কৰা ঘৰখনে যোগান ধৰিব পৰা নাছিল জীনামণিক প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷

প্ৰৱল ইচ্ছাশক্তি, একাগ্ৰতা আৰু প্ৰতিভা থাকিলে কোনো শক্তিয়েই বাধা দি ৰাখিব নোৱাৰে ৷ এই কথা ক্ৰমান্বয়ে জীনামণিৰ ক্ষেত্ৰত প্ৰমাণিত হ'বলৈ ধৰিলে ৷ প্ৰত্যাহ্বান নেওচি আগবাঢ়িবলৈ চেষ্টা কৰিলে জীনামণিয়ে ৷

এখন ছেকেণ্ডহেণ্ড চাইকেলেৰে ঘৰৰ পৰা ১০ কিঃমিঃ দূৰৈৰ ধেমাজি চহৰৰ যোগকেন্দ্ৰলৈ বিপদসংকুল যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে দিঠকৰ সন্ধানত ৷ যোগকেন্দ্ৰটোৰ প্ৰশিক্ষক নৱজ্যোতি পাঠক আৰু যোগেন গোঁহাইৰ তত্ত্বাৱধানত জীনামণিয়ে আৰম্ভ কৰিলে যোগৰ প্ৰাথমিক অনুশীলন ৷

কঠোৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত জীনামণিয়ে খুউব কমদিনৰ ভিতৰতে নিজকে যোগৰ প্ৰতিযোগিতাৰ বাবে সাজু কৰি তুলিলে ৷ ঠিক এবছৰৰ পাচতে জীনামণি বৰুৱাই জিলাভিত্তিত অনুষ্ঠিত হোৱা খেলত অংশগ্ৰহণ কৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ল ৷ ইয়াৰ পাচত পৰিশ্ৰমী জীনামণিয়ে পাচলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷

সেই বছৰৰে শেষৰ ফালে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা খেলতো অংশগ্ৰহণ কৰি ভাল ফল দেখুৱালৈ জীনামণিয়ে ৷ ইয়াৰ পাচতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে নিৰ্বাচিত হ'ল জীনামণি বৰুৱা ৷ কিন্তু কাল ক'ৰোনাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত অনলাইনযোগে অনুষ্ঠিত হোৱা খেলত পঞ্চম স্থান অধিকাৰ কৰে জীনামণি বৰুৱাই । আৰ্থিক দৈন্যতাৰ বাবে কোনোবা ক্ষেত্ৰত থমকি ৰয় যদিও অনুশীলনৰ ক্ষেত্ৰত জীনামণিয়ে কোনোদিন অবহেলা কৰা নাই ।

সমান্তৰালকৈ ধেমাজিৰ জামুগুৰিৰ কণকণ ল'ৰা-ছোৱালীসকলকো আগবঢ়াই নিয়াৰ স্বাৰ্থত প্ৰশিক্ষণ প্ৰদান কৰি আছে জীনামণিয়ে ৷ ইয়াৰোপৰি নিজৰ প্ৰয়োজনীয় খৰচৰ স্বাৰ্থ এখন শংকৰদেৱ শিশু নিকেতনত শিক্ষকতাৰ সেৱাও আগবঢ়াই আছে জীনামণি বৰুৱাই ৷

সপোনৰ পাচত দৌৰি দৌৰি ভাগৰি নপৰা জীনামণিক চৰকাৰীভাৱে অথবা অন্যধৰণেৰে সহায়ৰ হাত আগবঢ়ালে নিশ্চয় ৰাজ্যখনলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিব দৰিদ্ৰ পৰিয়ালৰ জীনামণি বৰুৱাই ।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি