মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ

সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ

সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ

সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনক সামৰি এটি অধ্যায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত সংযোজিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'এ। 

  • Share this:
তেজপুৰ,২৪ মাৰ্চ: ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তভূৰ্ক্তি নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'য়ে ৷ এই সন্দৰ্ভত সংস্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অধ্যক্ষ নিশান্ত থৰ্ড স্বাক্ষৰিত পত্ৰখনৰ জৰিয়তে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি আৰু জীৱনক সামৰি অতি কমেও এটি অধ্যায় স্নাতক কলা শাখাৰ পাঠ্যক্ৰমত সংযোগ কৰাৰ বাবে অনুৰোধ জনায় ৷

পত্ৰখনত উল্লেখ কৰা হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাচত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনত সৰ্বজন সমাদৃত ব্যক্তিসকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ। তেখেতৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছিল ৷

তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীতটো অতি অৰ্থবহ ‍ৰচনা আৰু সুৰৰে সজাই তুলিছিল ড° ভূপেন হাজৰিকাই ৷ গতিকে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনক সামৰি এটি অধ্যায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত সংযোজিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অধ্যক্ষ নিশান্ত থৰ্ডে।

এক বিবৃতিৰ জৰিয়তে সংস্থাৰ ৰাজ্যিক সংবাদ মাধ্যমৰ বিষয়া মৃন্ময় কুমাৰ নাথে কয় যে মহান শিল্পীগৰাকীৰ বিষয়ে পাঠ্যক্ৰম সংযোজনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ৷ বিষয়টোত তাৎক্ষনিক সঁহাৰি বিচাৰি পত্ৰখনৰ প্ৰতিলিপি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল আৰু অসমৰ শিক্ষামন্ত্ৰীলৈও প্ৰেৰণ কৰা হৈছে।

আগন্তুক শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ লোৱাৰ ক্ষেত্ৰত অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ আৰু অসম কলেজ শিক্ষক সন্থাৰ মজিয়াত বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'য়ে।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি