মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Tezpur News: শেষেই হোৱা নাই দুৰ্নীতি ! শোণিতপুৰত ঠিকাদাৰৰ কাণ্ডই অস্বস্তিত পেলাইছে ৰাইজক

Tezpur News: শেষেই হোৱা নাই দুৰ্নীতি ! শোণিতপুৰত ঠিকাদাৰৰ কাণ্ডই অস্বস্তিত পেলাইছে ৰাইজক

শোণিতপুৰত ঠিকাদাৰৰ কাণ্ডই অস্বস্তিত পেলাইছে ৰাইজক

শোণিতপুৰত ঠিকাদাৰৰ কাণ্ডই অস্বস্তিত পেলাইছে ৰাইজক

ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই কৰ্মৰত শ্ৰমিকৰ গাত পকীবেৰ খহি চিকিৎসাধীন হৈ থাকিবলগীয়াও হৈছে ৷ একমাত্ৰ ঠিকাদাৰ আৰু অভিযন্তাৰ শ্ৰমিকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজে আন শ্ৰমিকৰ সহায়ত শ্ৰমিকগৰাকীক মুৰ্মুষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷

  • Share this:
তেজপুৰ, ২৪ মাৰ্চ: কৈ শেষ নোহোৱা দুৰ্নীতি এতিয়াও অব্যাহত আছে সমগ্ৰ ৰাজ্যত ৷ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৰা ঠিকাদাৰলৈকে এতিয়াও কেৰেপ নকৰে ৰাইজৰ ধন নিজৰ কৰিবলৈ ৷ এইবাৰ তেজপুৰত লোকনিৰ্মাণ বিভাগৰ ধনৰ শৰাধ পাতিছে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে ৷ দুই কোটিটকীয়া পথৰ নামত চলিছে এই লুণ্ঠন ৷

ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই কৰ্মৰত শ্ৰমিকৰ গাত পকীবেৰ খহি চিকিৎসাধীন হৈ থাকিবলগীয়াও হৈছে ৷ একমাত্ৰ ঠিকাদাৰ আৰু অভিযন্তাৰ ভুলতেই শ্ৰমিকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজে আন শ্ৰমিকৰ সহায়ত শ্ৰমিকগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷

বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰিলে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ পৱিত্ৰ বড়োৱে ৷ ইয়াৰ পাচতে ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি বৰডুবিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাৰনি-তিনিখৰীয়া সংযোগী জৰাজীৰ্ণ পথটো পকীকৰণৰ বাবে ২০২২-২৩ বৰ্ষত দুই কোটি টকা আৱণ্টন দিছিল চৰকাৰে ৷

উক্ত নিৰ্মানৰ দায়িত্ব লাভ কৰে পৱিত্ৰ বড়ো নামৰ ঠিকাদাৰজনে ৷ কিন্তু বিভাগীয় সকলো নীতি-নিৰ্দেশনা সম্পুৰ্নৰূপে উলংঘা কৰি কোনোধৰণৰ ফলক আদি নলগোৱাকৈয়ে ঠিকাদাৰগৰাকীয় অভিযন্তাৰ সহযোগত নিজ খেয়ালখুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি পথটো নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে কালভাৰ্টৰ তলত কোনোধৰণৰ জালিও দিয়া নাছিল । যাৰ ফলত নিৰ্মীয়মান অৱস্থাতে বক্স কালভাৰ্টটো এজন শ্ৰমিকৰ গাৰ ওপৰতে বাগৰি পৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয় ।

আনহাতে আঠ-ন মাহ পাৰ হৈ যোৱা পাচতো পথটোৰ লগতে কালভাৰ্টটোৰ নিৰ্মানৰ কাম আগনবঢ়াত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে ঠিকাদাৰৰ এনে কাৰ্যক গৰিহণা জনোৱাৰ লগতে অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে শোণিতপুৰ জিলা উপায়ুক্ত আৰু বৰছলাৰ বিধায়ক গণেশ লিম্বুক দাবী জনাইছে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি