চাহ বাগিচা অঞ্চলত গুণগত শিক্ষা প্ৰদান কৰাৰ লগতে উক্ত অঞ্চলসমূহত স্থাপন কৰা বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয় ৷ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ আৰু জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত সভাখনত শোণিতপুৰৰ চাহ জনজাতিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে জিলাখনৰ বিভিন্ন চাহ বাগিচাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, শিক্ষক, অভিভাৱক আৰু অধ্যক্ষসকলে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানটো উদ্বোধন কৰি দিয়া ভাষণত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহৰ শিক্ষা উন্নত কৰাৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ সকলো কাম-কাজত সামাজিক সজাগতা সৃষ্টি কৰা আৰু ৰাইজৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
সাংসদগৰাকীয়ে শোণিতপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে গ্ৰহণ কৰা এক বিশেষ উদ্যোগৰ অধীনত চাহ বাগিচাত পৰিচালিত বিদ্যালয়সমূহক চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ সৈতে ক্লাষ্টাৰিঙৰ প্ৰক্ৰিয়াৰ শলাগ লয় আৰু ইয়াৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শনৰ লগতে গুণগত শিক্ষা প্ৰদান নিশ্চিত কৰাত বহুখিনি সহায় কৰিব বুলি মত প্ৰকাশ কৰে ৷
সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে চাহ বাগিচা এলেকাত আদৰ্শ বিদ্যালয় স্থাপন হোৱাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে আৰু এই বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰিবলৈ জিলা প্ৰশাসনে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ৷ আজি এই বিদ্যালয়সমূহৰ বিভিন্ন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক, অভিভাৱক আৰু অধ্যক্ষৰ সৈতে হোৱা বৈঠকত বিভিন্ন অভাৱ-অভিযোগ আৰু পৰামৰ্শ সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে ।
আজিৰ কাৰ্যসূচীৰ অংশ হিচাবে এটা মিউজিক ভিডিঅ’ ‘চলা চলা’ও উন্মোচন কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষসকলে বিদ্যালয়সমূহত কৰা আন্তঃগাঁথনিগত আৰু শৈক্ষিক মূল্যায়নৰ ভিত্তিত এই বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : May 22, 2023, 22:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।