২১ মে'ত উদযাপন কৰা হ'ল আন্তৰ্জাতিক চাহ দিৱস ৷ চাহৰ দীঘলীয়া ইতিহাস আৰু সমগ্ৰ বিশ্বৰ চাহৰ সাংস্কৃতিক- অৰ্থনৈতিক গুৰুত্বৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্য উদযাপন কৰা হ'ল এই দিৱস ৷ চাহ বুলিলেই পোনচাটেই প্ৰসংগলৈ আহে অসমৰ নাম ৷
বিশ্বজুৰি অসমৰ চাহৰ আছে গুৰুত্ব ৷ কিন্তু অসমৰ চাহ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ক্ষেত্ৰত পুণৰ প্ৰমাণিত হ'ল অসমীয়া মানুহে খুউব সোনকালেই কথা পাহৰে বুলি থকা বদনামটো ৷ সেই চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ মৃত্যুও হৈছিল তেজপুৰত ৷ উল্লেখ্য যে, চাৰ্লছ এলেকজেণ্ডাৰ ব্ৰুচ স্কটিছ অভিযাত্ৰী, বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ ৰবাৰ্ট ব্ৰুচৰ ভাতৃ।
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ১৮৭১ চনৰ ২৩ মাৰ্চত মৃত্যু হয় ৷ তেওঁৰ সমাধিক্ষেত্ৰ আজিও তেজপুৰত পৰিত্যক্ত অৱস্থাত আছে। চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছিল যদিও সম্প্ৰতি সেই প্ৰতিমূৰ্তি সংৰক্ষণৰ অভাৱত অৱহেলিত হৈ ৰৈছে তেজপুৰৰ পদুম পুখুৰী উদ্যানত।
অৱশ্যে এই চাৰ্লছ এলেকজেণ্ডাৰ ব্ৰুচৰ সমাধিক্ষেত্ৰৰ চিনস্বৰূপ শোণিতপুৰ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত কিছু সমল সংৰক্ষণ কৰা আছে বুলি জানিব পৰা যায়। অসমৰ চাহৰ বাটকটীয়া চাৰ্লছ এলেকজেণ্ডাৰ ব্ৰুচৰ পূৰ্বে ১৮২২ চনত তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা জানিব পাৰিছিল যে চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰে, যিটো তেতিয়া সকলোৰে জ্ঞাত নাছিল।
১৮২৩ চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে তেওঁ এজন চিংফৌ মুখিয়ালৰ মুখামুখি হয়, যিয়ে তেওঁক এই চাহ উদ্ভিদৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল। ইয়াৰ পাছতে ১৮২৪ চনত ৰবাৰ্ট ব্ৰুচৰো মৃত্যু হয়। পৰৱৰ্তী সময়ত এই চাহ গছৰ নমুনা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ লৈ যায় আৰু তাৰ পিছত অসমৰ আয়ুক্ত ডেভিদ স্কটৰ ওচৰলৈ পঠায়।
ব্ৰিটিছৰ দ্বাৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৰ্তৃত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়, যিটো তেওঁৰ ১৮৩০ চনৰ কাৰ্যকালত সম্পন্ন হয়। এইসমূহ অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী ৷
কিন্তু যিগৰাকী চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ বাবেই অসমৰ চাহে আজি সমগ্ৰ বিশ্বতে অসমক চিনাকি কৰাই দিলে, সেইগৰাকী মহান ব্যক্তিৰ সমাধিক্ষেত্ৰ আন্তৰ্জাতিক চাহ দিৱসৰ দিনটোতো এলাগী হৈ থকা কাণ্ডই অসমীয়াৰ কথা পাহৰা বদনামটোকে প্ৰতীয়মান কৰে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : May 26, 2023, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।