ৰাজ্যত চোৰাং গৰু সৰবৰাহ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে কালি নিশা জামুগুৰিহাটত আৰক্ষীয়ে এখন ১২ চকীয়া চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি জামুগুৰি আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকাৰ সময়তে লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS01GC-1232 নম্বৰৰ গৰুভৰ্তি ট্ৰাকখন জব্দ কৰে।
চোৰাং গৰু কঢ়িয়াই অনা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিলেও ট্ৰাকখনৰ চালকসহ হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ট্ৰাকখনৰ ভিতৰত ভৰি বান্ধি ভৰাই অনা প্ৰায় ৪০ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰি নিশাই গো-শালালৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, অসম আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ ৰোধ কৰাৰ বাবে ৰাজ্যজুৰি অভিযান চলাই আছে যদিও চোৰাং গৰু সৰবৰাহকাৰীয়ে এতিয়াও নিত্য নতুন কৌশল অবলম্বন কৰি চোৰাং গৰুসৰবৰাহ অব্যাহত ৰাখিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : April 01, 2023, 13:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।