মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »ব্যতিক্ৰম! মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত কৰা হ'ল ৰক্তদান শিবিৰ

ব্যতিক্ৰম! মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত কৰা হ'ল ৰক্তদান শিবিৰ

Blood dontion camp

Blood dontion camp

নাৰায়ণপুৰৰ বিশিষ্ট সমাজ সংগঠক, অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত আনন্দ বৰাৰ প্ৰথম মৃত্যু দিৱসটি এইবাৰ পালন কৰা হ'ল ব্যতিক্ৰমী ধৰণেৰে । ধৰ্ম্মীয় পৰম্পৰাৰ উপৰিও ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি পালন কৰা হ'ল বছেৰেকীয়া মৃত্যু দিৱসটো ।

  • Share this:
তেজপুৰ, ২৬ মে': ৰক্তদান মহান দান বুলি সকলোৱেই জানে ৷ ৰক্তদান কৰি জীয়াই তুলিব পাৰি কোনো এগৰাকী লোকক ৷ কিন্তু প্ৰয়োজন হ'লেহে যে ৰক্তদান কৰিব পাৰি তেনে নহয়৷ ভৱিষ্যতে কাৰোবাৰ প্ৰয়োজন পূৰাব পৰাকৈও কৰিব পাৰে ৰক্তদান ৷ ৰক্তদানৰ বাবে নালাগে কোনো বিশেষ দিন ৷ এই কথা অনুসৰণ কৰি বহু স্বেচ্ছাসেৱী সংস্থাৰ লগতে মহান মানৱে সময়ে সময়ে ৰক্তদান কৰি আহিছে ৷

তেনে এটা স্বেচ্ছাসেৱী সংস্থা হ'ল "টীম হিউমেনিটী" ৷ যি সংস্থাৰ সদস্যই বিগত সময়ত ৰক্তদান কৰি বহুতৰে জীৱন বচাই আহিছে ৷ টীম হিউমেনিটীৰ এগৰাকী সক্ৰিয় সদস্য তথা শিক্ষক দেৱৰাজ বৰাৰ পিতৃ তথা নাৰায়ণপুৰৰ বিশিষ্ট সমাজ সংগঠক, অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত আনন্দ বৰাৰ প্ৰথম মৃত্যু দিৱসটি এইবাৰ পালন কৰা হ'ল ব্যতিক্ৰমী ধৰণেৰে। ধৰ্ম্মীয় পৰম্পৰাৰ উপৰি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি পালন কৰা হ'ল বছেৰেকীয়া মৃত্যু দিৱসটো।

শুকুৰবাৰে পৰিয়ালৰ উদ্যোগত তথা বেচৰকাৰী ৰক্তদাতা সংস্থা টীম হিউমেনিটী আৰু দেৰগঁঞা যুৱক সংঘৰ সহযোগত নিজ বাসগৃহত অনুষ্ঠিত কৰা ৰক্তদান শিবিৰটোৰ পূৰ্বে প্ৰয়াত আনন্দ বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জয়ন্ত বৰাই ।

লখিমপুৰ জিলা চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভৰালৰ কৰ্মীসকলৰ তত্বাৱধানত অনুষ্ঠিত কৰা আৰু সমাজ সংগঠক পংকজ ভূঞাই আঁতধৰা ৰক্তদান শিবিৰটোত ডাঃ অৰূপ কুমাৰ দত্ত, ডাঃ অনন্যা কাশ্যপে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে । ৰক্তদান শিবিৰটিত ৩০ গৰাকীৰো অধিক ৰক্তদাতাই ৰক্তদান কৰে।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি