মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Sonitpur News: মুখ্যমন্ত্ৰীক আদৰিবলৈ গহপুৰত সাজু ৫০ গৰাকীকৈ ঢুলীয়া-নাচনী

Sonitpur News: মুখ্যমন্ত্ৰীক আদৰিবলৈ গহপুৰত সাজু ৫০ গৰাকীকৈ ঢুলীয়া-নাচনী

X
মুখ্যমন্ত্ৰীক //

মুখ্যমন্ত্ৰীক উষ্ম আদৰণিৰ বাবে গহপুৰত চলিছে পূৰ্ণ প্ৰস্তুতি

৫০ গৰাকী নাচনী আৰু ৫০ গৰাকী ঢুলীয়াই পূৰ্ণগতিত চলাইছে প্ৰস্তুতি ৷ অৱশ্যে সমাগত ৰঙালী বিহুৰ বাবে নহয় এই আয়োজন ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাক আদৰণিৰ বাবেহে চলিছে এই বৃহৎ আয়োজন ৷

  • Share this:
তেজপুৰ, ১ এপ্ৰিল: ঢোলৰ গুমগুমনিত এতিয়া কঁপি উঠিছে বিশ্বনাথৰ গহপুৰ ৷ ৫০ গৰাকী নাচনী আৰু ৫০ গৰাকী ঢুলীয়াই পূৰ্ণগতিত চলাইছে প্ৰস্তুতি ৷ অৱশ্যে সমাগত ৰঙালী বিহুৰ বাবে নহয় এই আয়োজন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আদৰণিৰ বাবেহে চলিছে এই বৃহৎ আয়োজন ৷

উল্লেখ্য যে, গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিষ্ণু বৰা ক্ষেত্ৰ পূৰ্বজ্যোতি ক্ৰীড়া সন্থাৰ খেলপথাৰত ।

এপ্ৰিলৰ ৪, ৫ আৰু ৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ দ্বিতীয় দিনা তথা ৫ এপ্ৰিলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিবলগীয়া মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে ৷

ৰঙালীক আদৰিবলৈ সমগ্ৰ ৰাজ্য সাজু হোৱাৰ সময়তে গহপুৰত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব ঢোল বাদন আৰু বিহু নৃত্যৰে ৷ ইয়াৰ বাবে এতিয়া খেলপথাৰখনত ৫০ গৰাকী ঢুলীয়া আৰু নাচনীয়ে আখৰা অব্যাহত ৰখা দেখা গৈছে ৷

ইয়াৰোপৰি ৩৩৩ গৰাকী স্বেচ্ছাসেৱক আৰু সেৱিকায়ো অনুষ্ঠানত সেৱা আগবঢ়াবলৈ সাজু হৈছে ৷ উল্লেখ্য যে, ১৯৭৪ চনত অসম কৃষিপাম নিগম আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰিছিল পূৰ্বজ্যোতি কৃষিপামে ৷ অহা ৫ এপ্ৰিলত ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব কৃষিপামখনে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি