বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / শোণিতপুৰ / নগদ ধনৰ অভাৱ: কাৰোবাৰ সহায়ৰ হাতখনলৈ চাই থকা মগনীয়াসকলতো পৰিছে প্ৰভাৱ

নগদ ধনৰ অভাৱ: কাৰোবাৰ সহায়ৰ হাতখনলৈ চাই থকা মগনীয়াসকলতো পৰিছে প্ৰভাৱ

Beggers facing problems

Beggers facing problems

খুচুৰা ধন বাতিটোত অথবা মেলি থকা হাতখনত দিব, তাৰেই কিবা এটা কিনি খাব ৷ কিন্তু এতিয়া তেওঁলোকক সেই কিবা এটাটো দিবলৈ অভাৱ ঘটিল নগদ ধনৰ ৷ খোজকাঢ়ি পাৰ হৈ যোৱাজনে দুই-এটা মুদ্ৰা অথবা নোট এখন দি যাবলৈ বিচাৰে যদিও জেপত নাথাকে নগদ ধন ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

চাণক্য বৰুৱা, তেজপুৰ: সমগ্ৰ বিশ্বকে এতিয়া ডিজিটেলাইজ্যেশন কৰা হ’ল ৷ হাতৰ মুঠিতে পৃথিৱীখনক লৈ থাকিব পৰা হোৱাৰে পৰা সুবিধাও যথেষ্ট হ’ল ৷ হাতত থকা মোবাইল ফোনটোতে কিবা এটা টিপি দিলেও বহুত কিবাকিবি হৈ যোৱা হ’ল ৷ আচৰিত ধৰণেৰে পৰিৱৰ্তন ঘটিল জীৱনশৈলীৰ ৷ বিজ্ঞানৰ চমকপ্ৰদ উন্নতিত কিন্তু একাংশৰ জীৱনৰ গতি মন্থৰ হৈ পৰিল ৷ সোঁতৰ সৈতে নিজকে লৈ যোৱাত ব্যৰ্থসকলৰ বাবে দুৰ্বিষহ হৈ পৰিছে সময়বোৰ ৷

বিজ্ঞাপন

বিশেষকৈ বিপদত পৰিছে খুজি-মাগি দুই-এটকা সংগ্ৰহ কৰি পেটৰ ভোক নিবাৰণ কৰাসকল ৷ প্ৰায় মানুহৰ হাততে এতিয়া নাথাকে নগদ ধন ৷ ৫-১০ টকীয়া কিবা এটা দোকানত কিনিলেও চকু ফুৰায় QR কোডটো বিচাৰি ৷ তামোল এখন কিনি খালেও QR কোড ৷ জেপত খুচুৰা পইচা ৰখাৰ অভ্যাস নোহোৱাই হ’ল ৷ UPI লেনদেনত অভ্যস্ত হৈ পৰিল প্ৰায় সকলো লোক । জেপত নগদ ধন ৰখাৰ প্ৰয়োজনবোধো নকৰা হ’ল সকলোৱে ৷

কিন্তু ইয়াৰ ফলত আনৰ সহায়ৰ হাত এখন বিচাৰি থকা লোকসকলৰ জীৱনলৈ এক অনিশ্চয়তা আহি পৰিল ৷ ৰে’লৱে ষ্টেচন, পদপথ, পথৰ দাঁতিৰ কোনো এটা বিশেষ স্থানত প্ৰায়েই দেখা যাত সন্মুখত পাত্ৰ এটা লৈ শাৰীৰিকভাৱে অক্ষম বহু লোকক ৷ যাৰ ভোক নিবাৰণৰ একমাত্ৰ ভৰসা পথচাৰীসকল ৷ খুচুৰা ধন কিবা এটা বাতিটোত অথবা মেলি থকা হাতখনত দিব, তাৰেই কিবা এটা কিনি খাব ৷

বিজ্ঞাপন

কিন্তু এতিয়া তেওঁলোকক সেই কিবা এটাটো দিবলৈ অভাৱ ঘটিল নগদ ধনৰ ৷ খোজকাঢ়ি পাৰ হৈ যোৱাজনে দুই-এটা মুদ্ৰা অথবা নোট এখন দি যাবলৈ বিচাৰে যদিও জেপত নাথাকে নগদ ধন ৷ ফলত অসহায়বোধ কৰিবলগীয়া হয় ৷ কাৰোবাৰ সহায়ৰ হাত এখনলৈ ডিঙিমেলি চাই থকাজনৰো হয়তো সেমেকি উঠে দুচকু ৷ কিন্তু উপায় নাই ৷ ধন নাই ৷ নগদ ধন ৷

বিজ্ঞাপন

ইফালে এটা অতি চিনাকি দৃশ্যও ক্ৰমান্বয়ে নাইকিয়া হ’ল ৷ বিশেষকৈ গাঁও বা সৰু সৰু নগৰ অঞ্চলত কেইবছৰমান আগলৈকে দেখা পোৱা গৈছিল দৃশ্যটো । চুবুৰীয়া কোনো অঞ্চলৰ পৰা খোজনীয়া হিচাবে ঘৰখনলৈ আহিছিল বহু লোক ৷ হাতত এখন মোনা লৈ ৷ ধন-টকা-পইচাৰ কথা নাছিল তাত, চাউল এমুঠি দিলেই সন্তুষ্ট হৈছিল ৷ ভৰ দুপৰীয়াও বাৰাণ্ডাৰ পৰা গৃহস্থক এষাৰ মাত দিছিল, গৃহস্থই চাউল এবাটি নি মোনাটোত ভৰাই দিছিল ৷

বিজ্ঞাপন

সন্তুষ্টিৰ হাঁহি এটাৰে আশীৰ্বাদ দি কাষৰ ঘৰলৈ বুলি বাট লৈছিল মগনীয়া গৰাকী ৷ সেই দৃশ্যও এতিয়া সুলভ নহয় ৷ সেয়েহে বহুতে কয়, পৃথিৱীখনৰ উন্নতি বহুত হ’ল ৷ মানুহ চন্দ্ৰলৈও যাব পৰা হ’ল ৷ নগদ ধন নাথাকিলেও বজাৰ কৰিব পৰা হ’ল ৷ কিন্তু ভাললগা, আৱেগভৰা বহু দৃশ্য হেৰাই গ’ল ৷ দোমোজা আৰু মেৰপাকত আৱদ্ধ হ’ল বহুতৰ জীৱন ৷

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন