তেজপুৰ, ১৩ মাৰ্চ: বছৰত এটা পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱা অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিৰুদ্ধে সোমবাৰে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য।
সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত দেওবাৰে নিশাই মোবাইল ফোনে মোবাইল ফোনে বিয়পি পৰাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি ৷
জীৱনৰ প্ৰথমটো কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত চৰম হেতালি খেলি ছেবাৰ অমনোযোগিতাৰ বাবেই প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনসমূহে ৷
ছাত্ৰ সংগঠনসমূহৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছেবাৰ এই কাণ্ডৰ বিৰুদ্ধে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰতো সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত বিহপুৰীয়া সমষ্টিৰ আছুৰ আটাইকেইখন আঞ্চলিক সমিতি ঐক্যবদ্ধ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছেবা কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে।
ৰণোজ পেগু গ’বেক, অসম চৰকাৰ হায় হায়, ছেবাৰ কাম নাই শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে। উল্লেখ্য যে, সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ টুলুঙা মন্তব্যকো সমালোচনা কৰিছে বিভিন্নজনে ৷ প্ৰায় প্ৰতিটো পৰীক্ষাতে বিসংগতি সংঘটিত কৰা ছেবাক এক প্ৰকাৰে দোষমুক্ত ঘোষণা কৰা কাৰ্যক সমালোচনা কৰিছে সচেতন মহলে ৷
- First Published :