মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Assam Weather Forecast: আগন্তুক দুদিনত অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

Assam Weather Forecast: আগন্তুক দুদিনত অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

X
আগন্তুক //

আগন্তুক দুদিনত অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

আগন্তুক দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বৰষুণৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । 

  • Share this:
তেজপুৰ, ২০ মাৰ্চ: সোমবাৰৰ পৰা আগন্তুক দুটা দিনত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ সোমবাৰে এক জাননীৰ জৰিয়তে এই সতৰ্কবাণী দিয়ে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বৰষুণৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

আনহাতে মঙলবাৰৰ দিনটোত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীত উল্লেখ কৰা হৈছে ৷ গুৱাহাটীস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সঞ্জয় নীল শ্ব'য়ে জানিবলৈ দিয়ে যে আগন্তুক দুদিনত গুৱাহাটীৰ লগতে কাষৰীয়া অঞ্চলসমূহত বতৰ ডাৱৰীয়া হৈ থাকিব ৷

সমান্তৰালকৈ বৰষুণ আৰু গাজনি-ঢেৰেকনি অহাৰো সম্ভাৱনা আছে ৷ উক্ত সময়ত উষ্ণতা ন্যূনতম ১৭-১৮ ডিগ্ৰী ছেলছিয়াছৰ পৰা সৰ্বোচ্চ ২৯-৩০ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি