চাণক্য বৰুৱা, তেজপুৰ: অসমীয়া মানুহে হাঁহিব নাজানে বুলি ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ ৷ হাঁহিৰ মেটমৰা সম্ভাৰ সৃষ্টিৰে হহুঁৱাবলৈ চেষ্টা কৰিছিল অসমীয়া মানুহক। অসমীয়া আধুনিক সাহিত্যৰ পথপ্ৰদৰ্শক তেওঁ ৷ তেওঁ ৰসৰাজ, তেওঁ সাহিত্যৰথী ৷ তেঁৱেই লক্ষ্মীনাথ বেজবৰুৱা ৷
জীৱনী ৰচনা কৰি শংকৰ-মাধৱক অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ৮৫ সংখ্যক স্মৃতি দিৱস ৷ ১৯২৪ চনত অসম সাহিত্যসভাৰ সভাপতিৰ আসন অলংকৃত কৰা সাহিত্যৰথীৰ ৮৫ সংখ্যক মৃত্যু দিৱসত জাতিটোৱে সশ্ৰদ্ধ সোঁৱৰণ কৰিছে ৷
প্ৰতিমূৰ্তিত এগছি বন্তি জ্বলাই, মাল্যাৰ্পণ কৰি যেন প্ৰমাণ কৰিছে কৃপাবৰ বৰুৱাৰ ৰচনাৰাজি বুকুৱে বুকুৱে আছে প্ৰতিজন অসমীয়াৰ ৷
অসমৰ জাতীয় সংগীতটোৰ ৰচকগৰাকীক ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰতো সোঁৱৰা হয় মৃত্যু তিথিত ৷ তেজপুৰ সাহিত্য সভাৰ সভাপতি প্ৰমূখ্যে বিষয়ববীয়া-সদস্যসকলে ৰসৰাজৰ প্ৰতিমূৰ্তিত ফূল চটিয়াই, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ বুঢ়ী আইৰ সাধুক বুকুত কঢ়িয়াই লৈ ফুৰা এজাক কণমানিয়েও প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ, সেৱা জনাই বিচাৰিলে আশীৰ্বাদ।
কেৱল তেজপুৰতেই নহয়, ইংৰাজৰ শাসনকালত আত্ম-বিস্মৃতিত ভোগা জাতিটোৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই অনা অধিনায়কগৰাকীক ৰাজ্যৰ অন্য প্ৰান্ততো সোঁৱৰা হৈছে আজিৰ দিনটোত ৷ 'সাহিত্য দিৱস' হিচাবে অসম সাহিত্য সভাই এই বিশেষ দিনটো পালন কৰি আহিছে ৷ এইবেলি গোৱালপাৰাত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে 'সাহিত্য দিৱস'৷
পৰিতাপৰ বিষয় যে বিশেষ দুই এটা দিনত সন্মান যঁচাৰ বিপৰীতে বাকী সময়ত অপমানজনক স্থিতি গ্ৰহণ কৰি অহাটো পৰিলক্ষিত হয় ৷ উদাহৰণ- চম্বলপুৰস্থিত ৰসৰাজৰ বাসগৃহটো ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ চম্বলপুৰস্থিত বাসগৃহটো এতিয়া অসামাজিক কামকাজৰ আড্ডাস্বৰূপ হৈ পৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷
ওৰেটো দিন মৰিশালিসদৃশ নিৰ্জনতা বিৰাজ কৰি থকা বাসগৃহটোত আন্ধাৰ হ'লেই আৰম্ভ হয় অনৈতিক কাৰ্যকলাপ ৷ বাসগৃহটো চোৱা-চিতা কৰাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এজন তত্ত্বাৱধায়কো আজিকোপতি নিয়োগ কৰা নহ'ল ৷
বিষয়টোত কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে অসম চৰকাৰে ৷ এটা সংস্থাৰ দ্বাৰা বাসগৃহটো মেৰামতি কৰাৰ পাচতে দ্বায়িত্ব সামৰিলে ২৬ মাৰ্চ আহিলেই ক্ষন্তেকীয়া আৱেগ প্ৰদৰ্শন কৰা অসম চৰকাৰে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 26, 2023, 12:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।