মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Lakhimpur News: জাতীয় শ্বহীদক সুঁৱৰি নাৰায়ণপুৰত শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ অধিৱেশন

Lakhimpur News: জাতীয় শ্বহীদক সুঁৱৰি নাৰায়ণপুৰত শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ অধিৱেশন

নাৰায়ণপুৰত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন

নাৰায়ণপুৰত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন

নাৰায়ণপুৰত আৰম্ভ হৈছে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন ৷ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এই অধিৱেশন ৷

  • Share this:
তেজপুৰ, ২৫ মাৰ্চ: নাৰায়ণপুৰৰ মেৰমুখলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে শ্বহীদ পৰিয়ালৰ প্ৰতিনিধিৰ ৷ কিয়নো শনিবাৰৰ পৰা মেৰমুখত আৰম্ভ হৈছে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন ৷ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এই অধিৱেশন ৷

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথমটো দিনত অসম আন্দোলনৰ স্মৃতি ৰোমন্থনৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলনো কৰা হয় ৷ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা স্বচ্ছ অভিযানৰ পাচতে গছপুলি ৰোপন কৰা হয় ।

মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঈশ্বৰ শৰ্মা ভঁড়ালীয়ে অধিৱেশনৰ মুখ্য তোৰণ উন্মোচন কৰাৰ পাচত প্ৰতিনিধি শিবিৰ মুকলি কৰে যুৱনেতা হেমন্ত গগৈয়ে । অধিৱেশনৰ পতাকা উত্তোলন কৰে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই আৰু শ্বহীদ তৰ্পণ কৰে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰ, আছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সীমান্ত নেওগ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক অৰুণ গগৈয়ে ।

ইয়াৰ পাচতে বাণিজ্য় মেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হয় ৷ বিয়লি অসম আন্দোলনৰ স্মৃতি ৰোমন্থন অনুষ্ঠান অনুষ্ঠিত হয় । সন্ধিয়া ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত বন্তিপ্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পাচতে বৰ্ণাঢ্য় সাংস্কৃতিক সমাৰোহো অনুষ্ঠিত হয় । দেওবাৰ তথা দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব । দুপৰীয়া অনুষ্ঠিত হ'ব মুকলি সভা ।

সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰিব স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাই । সভাখনত মুখ্য উপদেষ্টা ড° বিৰিঞ্চি কুমাৰ শৰ্মা, অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা ৷

অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব কৰিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে আৰু গ্ৰন্থ উন্মোচন কৰিব মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাই ।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি