তেজপুৰ, ১১ মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে তেজপুৰত সেনা পত্নী কল্যাণ সংস্থাই এলানি কাৰ্যসূচী গ্ৰহণ কৰে ৷
সংস্থাৰ ইষ্টাৰ্ণ কমাণ্ডে আয়োজন কৰা উক্ত কাৰ্যসূচীত মহিলা উদ্যোগীসকলৰ বাবে ৱাকাথন, বক্তৃতা আৰু প্ৰদৰ্শনীৰ দৰে কেইবাটাও অনুষ্ঠান ৰূপায়ণ কৰা হয় ।
উল্লেখ্য যে, সেনা পত্নী কল্যাণ সংস্থা হৈছে এক সংস্থা যি সেনা বাহিনীৰ লোকৰ পতি-পত্নী আৰু সন্তানৰ কল্যাণৰ বাবে কাম কৰে । ১৯৬৬ চনৰ ২৩ আগষ্টত ৱেলফেয়াৰ চ'ছাইটি হিচাবে সেনা পত্নী কল্যান সংস্থা পঞ্জীয়ন কৰা হয় ৷
আৰম্ভণিৰে পৰা সংস্থাৰ পৰিসৰ আৰু উপলব্ধতা বৃদ্ধি পায় আৰু সম্প্ৰতি ই ভাৰতৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা হিচাবে পৰিগণিত হৈছে ৷ সেনা পত্নী কল্যাণ সংস্থাই মহিলা উদ্যোগীসকলক ইয়াৰ অফিচিয়েল ৱেবছাইট www.awwa.org.in পঞ্জীয়ন কৰি সৱলীকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ।
সংস্থাৰ প্ৰসাৰ আৰু অধিক বৃদ্ধিৰ লগতে সম্প্ৰসাৰিত কৰাৰ বাবে শনিবাৰে তেজপুৰত গজৰাজ এ ডব্লিউ ডব্লিউ এ-ৰ দ্বাৰা এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । উক্ত প্ৰদৰ্শনীৰ উদ্দেশ্য আছিল তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ তেজপুৰ চহৰৰ সাধাৰণ জনতাৰ সন্মুখত প্ৰদৰ্শন কৰা ৷
'শশ্বত শ্ৰীজন' শীৰ্ষক উক্ত প্ৰদৰ্শনীৰ বাবে তেজপুৰ, টেংগা, মিছামাৰি, ৰঙিয়া আৰু উমৰোইৰ লগতে বিভিন্ন স্থানৰ মহিলা উদ্যোগীসকল তেজপুৰস্থিত ৰুক্মিণী ভৱনত একত্ৰিত হোৱা দেখা যায় ।
প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল গহনা, পেইণ্টিং, ডিকোউপেজ, প্ৰসাধন সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী ইত্যাদি ৷ প্ৰদৰ্শনীখন শনিবাৰে পুৱা উদ্বোধন কৰা কৰা হয় আৰু সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকে ৷
শোণিপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পত্নী সুজাতা মিশ্ৰই প্ৰদৰ্শনীখন উদ্বোধন কৰে । প্ৰদৰ্শনীখনত সেনাৰ গজৰাজ কৰ্পচ পৰিয়ালৰ উদ্যোগী মহিলাসকলে বিশেষ উদ্যোগ গ্ৰহণ কৰা দেখা যায় ৷ স্থানীয় মহিলাসকলৰ সৈতে সেনা বাহিনীৰ লোকৰ পৰিয়ালৰ ঘনিষ্ঠতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ভাৰতীয় সেনাই উক্ত অনুষ্ঠানটোৰ আয়োজন কৰে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 11, 2023, 21:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।