লোক সংস্কৃতিৰ সাধনাত নিজকে নিয়োজিত কৰা এজন যুৱকৰ প্ৰতিভাত মুগ্ধ হৈছে সকলো ৷ যাদুকৰী প্ৰতিভাসম্পন্ন যুৱকজনৰ হাতত প্ৰাণ পাই উঠে বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা বাদ্যযন্ত্ৰ ৷ ওঁঠৰ পৰশত বাজি উঠা বাদ্যৰ শব্দত বিমুগ্ধ হ'ব সংগীতপ্ৰেমী ৷
অসাধাৰণ প্ৰতিভাসম্পন্ন যুৱকজনে সংগত কৰিব পাৰে প্ৰায় ১০০ৰো অধিক বাদ্যযন্ত্ৰ ৷ যুৱকজনৰ নাম ইমদাদুৰ ৰহমান ৷ শিৱসাগৰৰ নাজিৰাৰ ইমদাদুৰ ৰহমান কৰ্মসূত্ৰে বাস কৰে কাজিৰঙাত ৷ কাজিৰঙাৰ অৰ্কিড উদ্যানৰ বাদ্যযন্ত্ৰ সংৰক্ষণ কেন্দ্ৰৰ পৰিচালক হিচাবে কৰ্মৰত যুৱকজন সৰুৰে পৰা সংগীতৰ লগত জড়িত ৷ গীত গোৱাৰ উপৰিও নতুন বাদ্য দেখিলেই বজাবলৈ চেষ্টা কৰে ইমদাদুৰ ৰহমানে ৷ থলুৱা বাদ্যৰ প্ৰতি বিশেষকৈ আকৰ্ষিত ইমদাদুৰ ৰহমানে বাদ্যযন্ত্ৰ পৰিৱেশনৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল শিৱসাগৰৰ দ্বীজেন গগৈৰ ওচৰত ৷
বিহুনামৰ পৰা ঝুমুৰ, দিহানামলৈকে সকলো গীতত সংগত কৰা প্ৰতিবিধ বাদ্যযন্ত্ৰ যেনে আনন্দ লহৰী, বীণ, চাগলী শিঙৰ পেঁপা, সুতুলি, বাঁহীৰ উপৰিও ক্ৰমান্বয়ে হেৰাই যোৱা বহু বাদ্য যুৱকজনে সংগত কৰিবলৈ জনাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো বাদ্যযন্ত্ৰ পৰিৱেশন কৰি আচৰিত কৰি তুলিছে সকলোকে ৷ বিশেষকৈ তাঁৰযুক্ত আৰু চামৰাযুক্ত বাদ্যৰ পৰিৱেশনত বিমুগ্ধ হৈছে সকলো ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : May 23, 2023, 13:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।