তেজপুৰ, ৩ মে’: ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ মে’ দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস অথবা বিশ্ব প্ৰেছ দিৱস হিচাবে ঘোষণা কৰাৰ পাচত বিশ্বজুৰি এই দিৱস পালন কৰি অহা হৈছে ৷ এই দিৱসৰ উদ্দেশ্য হ’ল সংবাদ মাধ্যমৰ স্বাধীনতাৰ সম্পৰ্কত সজাগতা সৃষ্টি আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সন্দৰ্ভত চৰকাৰক সোঁৱৰাই দিয়া ৷
ভাৰতবৰ্ষতো প্ৰতি বছৰে পালন কৰি অহা হৈছে বিশ্ব প্ৰেছ দিৱস ৷ বৃহস্পতিবাৰে ৰাজ্যৰ আন কেইবাটাও স্থানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো ৩০ সংখ্যক বিশ্ব প্ৰেছ দিৱস পালন কৰা হয় ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে ‘Column: The Fourth Pillar’ৰ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে উক্ত দিৱস পালন কৰে ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে বিভাগটোৰ মূৰব্বী অধ্যাপক অভিজিৎ বৰাই ৷
ভাষণৰ জৰিয়তে অধ্যাপক বৰাই প্ৰশ্ন কৰিবলৈ ভয় নকৰাৰ লগতে মুক্তমনে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাবে উপস্থিত থাকে দিল্লীস্থ বিবিচি নিউজৰ সম্পাদক শচীন গগৈ । বক্তব্যৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গগৈয়ে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ ওপৰত আলোকপাত কৰি সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰে ৷ বিভাগটোৰ শিক্ষাৰ্থীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো ৰূপায়ণ কৰে ৷
- First Published :