• Home
  • »
  • News
  • »
  • shillong
  • »
  • Bus Accident : তুৰাৰ ৰিংদি নদীত ভয়ংকৰ বাছ দুৰ্ঘটনা, ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভৰ্তি বাছ, ৫ জন নিহত, কেইবাজনো গুৰুতৰভাৱে আহত।

Bus Accident : তুৰাৰ ৰিংদি নদীত ভয়ংকৰ বাছ দুৰ্ঘটনা, ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভৰ্তি বাছ, ৫ জন নিহত, কেইবাজনো গুৰুতৰভাৱে আহত।

বাছখন  ৰিংদি নদীৰ ওপৰ পাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায়। বাছখন নদীত পৰাৰ লগে লগে সম্পূৰ্ণ ৰূপে লুটি খাই যায়।

বাছখন  ৰিংদি নদীৰ ওপৰ পাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায়। বাছখন নদীত পৰাৰ লগে লগে সম্পূৰ্ণ ৰূপে লুটি খাই যায়।

বাছখন  ৰিংদি নদীৰ ওপৰ পাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায়। বাছখন নদীত পৰাৰ লগে লগে সম্পূৰ্ণ ৰূপে লুটি খাই যায়।

  • Share this:
বৃহস্পতিবাৰে ৰাতি ১২বজাত তুৰা(Tura) )ৰ পৰা শ্বিলং (Shillong) লৈ যাত্ৰা কৰা এমটিচি (MTC) ৰ এখন বাছ  হঠাতে নংচ্চৰমৰ ৰিংদি নদী (Ringdi River)ত বাগৰি পৰে। এতিয়ালৈকে, দুৰ্ঘটনাটো (Bus Accident)ত ৫ জন লোকৰ মৃত্যু হৈছে। নদীখন প্ৰচণ্ড সোঁত আৰু পানী বেছি থকাৰ বাবে উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হৈছে। বাছখনত থকা আন যাত্ৰীসকলৰ উদ্ধাৰ অভিযান চলি আছে। আহতসকলক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে য'ত কিছুমানৰ অৱস্থা অতিশয় সংকটজনক।


খবৰ অনুসৰি, যাত্ৰীভৰ্তি বাছখন ৰাতি ১২ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বাছখন  ৰিংদি নদীৰ ওপৰ পাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায়। বাছখন নদীত পৰাৰ লগে লগে সম্পূৰ্ণ ৰূপে লুটি খাই যায়। দুৰ্ঘটনাটোত এতিয়ালৈকে পাঁচজন লোকৰ মৃত্যু হৈছে। ঘটনাটোৰ বিষয়ে খৱৰ পোৱাৰ পিছত পূব গাৰো হিলছ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাছখনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিছে। বৃহস্পতিবাৰে ৰাতিপুৱা নংচ্চৰমৰ ৰিংদি নদীত তুৰাৰ পৰা শ্বিলংলৈ যাত্ৰা কৰা এমটিচি ৰ নিশাৰ বাছএখনে ডুব দিয়াৰ ফলত কমেও পাঁচজন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল।

সামাজিক মাধ্যমৰ পোষ্টত কোৱা হৈছে যে ঘটনাটো পুৱা ১২ বজাত সংঘটিত হৈছিল।
ৰংজেং আৰু উইলিয়ামনগৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দল পীড়িতসকলক সহায় কৰাৰ বাবে দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

এতিয়ালৈকে পোৱা বাতৰি অনুসৰি, দুৰ্ঘটনাটোত ১৬ জনলোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে আৰু তেওংলোকক নিশাই ৰংজেং পিএইচচিলৈ লৈ যোৱা হৈছিল আৰু  পিছত  উইলিয়ামনগৰলৈ স্থানান্তৰিত কৰা হৈছিল। নদীৰ প্ৰৱল সোঁত আৰু  পানী বেছি থকাৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হৈছে ।

বাছখনত ২১ জন যাত্ৰী আছিল-

ইষ্ট গাৰো হিলছ আৰক্ষীয়ে জনোৱা অনুসৰি, মেঘালয় পৰিবহণ নিগমৰ বাছখন নদীত পৰি যোৱাৰ সময়ত ২১ জন যাত্ৰী আছিল। ইয়াৰে ৯ জন তুৰাৰ  আৰু ১২ জন যাত্ৰী উইলিয়ামনগৰৰ আছিল। ঘটনাটো ৰাজধানীৰ পৰা প্ৰায় ১৮৫ কিলোমিটাৰ দূৰত সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত এটা উদ্ধাৰকাৰী আৰু জৰুৰীকালীন সেৱাৰ দল ঘটনাস্থলীলৈ উপস্থিত হয়গৈ। উদ্ধাৰ অভিযান এতিয়াও চলি আছে।



Published by:Manjumoni Borah
First published: