মুখ্যপৃষ্ঠা »খবৰ »শ্বিলং »Bernard N Marak Arrested: ফাৰ্ম হাউচত নাৰী দেহৰ ব্যৱসায় চলোৱা মেঘালয় বিজেপিৰ নেতা বাৰ্নাৰ্ড এন মাৰাকক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ

Bernard N Marak Arrested: ফাৰ্ম হাউচত নাৰী দেহৰ ব্যৱসায় চলোৱা মেঘালয় বিজেপিৰ নেতা বাৰ্নাৰ্ড এন মাৰাকক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ

Bernard N Marak Arrested: মাৰাকৰ ৰিম্পু বাগান নামৰ ফাৰ্ম হাউচৰ পৰা এগৰাকী নাবালিকাৰ সৈতে ছয়জন নাবালকক উদ্ধাৰ কৰা হৈছিল আৰু ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল

Bernard N Marak Arrested: মাৰাকৰ ৰিম্পু বাগান নামৰ ফাৰ্ম হাউচৰ পৰা এগৰাকী নাবালিকাৰ সৈতে ছয়জন নাবালকক উদ্ধাৰ কৰা হৈছিল আৰু ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল

Bernard N Marak Arrested: মাৰাকৰ ৰিম্পু বাগান নামৰ ফাৰ্ম হাউচৰ পৰা এগৰাকী নাবালিকাৰ সৈতে ছয়জন নাবালকক উদ্ধাৰ কৰা হৈছিল আৰু ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল

  • Share this:
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাত নিজৰ ফাৰ্ম হাউচত নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগত অভিযুক্ত মেঘালয় বিজেপি (Meghalaya BJP)ৰ উপ-সভাপতি বাৰ্নাৰ্ড এন মাৰাক (Bernard N Marak)ক মঙলবাৰে উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হয়। ‘উত্তৰ প্ৰদেশত বাৰ্নাৰ্ড এন মাৰক ওৰফে ৰিম্পুক গ্ৰেপ্তাৰ কৰা হৈছে। তুৰালৈ আনিবলৈ তালৈ এটা দল পঠিওৱা হৈছে।’- জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ সিঙে পিটিআইক জনায়।মাৰাকক হাপুৰ জিলাত ইউপি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, সিঙে জানিবলৈ দিয়ে।

ফাৰ্ম হাউচত আৰক্ষীয়ে অভিযান চলাই পলাতক হৈ থকা প্ৰাক্তন উগ্ৰপন্থী নেতা মাৰাকৰ বিৰুদ্ধে আৰক্ষীয়ে লুক-আউট জাননী জাৰি কৰাৰ কেইঘণ্টামান পিছতে গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা শনিবাৰে মাৰাকৰ ৰিম্পু বাগান নামৰ ফাৰ্ম হাউচৰ পৰা এগৰাকী নাবালিকাৰ সৈতে ছয়জন নাবালকক উদ্ধাৰ কৰা হৈছিল আৰু ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা মাৰাক পলাতক হৈ আছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে গোপন সূত্ৰৰ ভিত্তিত নাবালককেইটাক উদ্ধাৰ কৰিছে, লগতে শ শ সুৰাৰ বটল আৰু কণ্ডম জব্দ কৰিছে। ফাৰ্মহাউচৰ পৰা কেইবাখনো গাড়ীও উদ্ধাৰ কৰা হৈছে।

তুৰাৰ এখন আদালতে সোমবাৰে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে।

মুখ্যমন্ত্ৰী কনৰাড কে চাংমা (Chief Minister Conrad K Sangma)ৰ NPPৰ নেতৃত্বত গঠিত ৰাজ্যখনৰ শাসকীয় জোঁটবন্ধন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স (Meghalaya Democratic Alliance (MDA)ৰ অংশ হিচাপে আছে বিজেপি দল।

আৰক্ষীয়ে পূৰ্বে জনাইছিল যে মাৰাকক তদন্তত সহযোগিতা কৰিবলৈ কোৱা হৈছিল যদিও তেওঁ তদন্ত এৰাই চলিছে। এজন উগ্ৰপন্থীৰ পৰা ৰাজনীতিকলৈ পৰিণত হোৱা মাৰাকে অৱশ্যে অভিযোগ কৰে যে তেওঁক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক আক্ৰোশৰ লক্ষ্য হৈছে আৰু তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে।

শেহতীয়া বাতৰি