মুখ্যপৃষ্ঠা »খবৰ »শ্বিলং »Heavy Rainfall: প্ৰবল বৰষুণৰ কবলত উত্তৰ-পূব ! চেৰাপুঞ্জীত বৰষুণে ৰচিলে অভিলেখ, অসমতো ভয়াৱহ পৰিস্থিতি ...

Heavy Rainfall: প্ৰবল বৰষুণৰ কবলত উত্তৰ-পূব ! চেৰাপুঞ্জীত বৰষুণে ৰচিলে অভিলেখ, অসমতো ভয়াৱহ পৰিস্থিতি ...

মেঘালয় ৰাজ্যৰ মৌচিনৰামে এদিনতে ১০০৩.০৬ মিমি বৰষুণ পাইছিল, জুনত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড গঢ়িছে মোচিনৰামে। আনহাতে চুবুৰীয়া চেৰাপুঞ্জীত ২৪ ঘণ্টাত ৯৭২ মিমি বৰষুণ হৈছিল। ই ২৭ বছৰৰ অভিলেখ ভংগ কৰে।

  • Share this:
বতৰ বিজ্ঞান বিভাগৰ মতে, নেৰানেপেৰা বৰষুণৰ বাবে বিখ্যাত উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ মৌচিনৰামে এদিনতে ১০০৩.০৬ মিমি বৰষুণ পাইছিল, অৰ্থাৎ ২৪ ঘণ্টাৰ ব্যৱধানত। জুনত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড গঢ়িছে মোচিনৰামে। আনহাতে চুবুৰীয়া চেৰাপুঞ্জীৰ চেহেৰাটোও বেয়া। যোৱা ২৪ ঘণ্টাত ৯৭২ মিমি বৰষুণ হৈছিল। ই ২৭ বছৰৰ অভিলেখ ভংগ কৰে, শুক্ৰবাৰৰ দিনটো সৰ্বাধিক পৰিমাণৰ বৰষুণৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হয়।

অসমতো পৰিস্থিতি সমানে বেয়া। এতিয়ালৈকে, অসমত ভূমিস্খলন আৰু বানপানীৰ ফলত অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে। অসমত হোজাই, নলবাৰী, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ, শোণিতপুৰ জিলাৰপৰা মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এতিয়ালৈকে চৰকাৰী পৰিসংখ্যা অনুসৰি, বানপানীৰ ফলত অসমৰ ২৮ খন জিলাৰ ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ডিমাহাচাও, গোৱালপাৰা, হোজাই, কামৰূপ আৰু মৰিগাঁৱৰ বিভিন্ন অঞ্চলত বিগত দুটা দিনত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

শেহতীয়া বাতৰি