৪০ বছৰীয়া মহিলাগৰাকীৰ নাম ইছাবেলা মাৰবহ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। শাৰীৰিক ভাবে দুৰ্বল হৈ পৰা মহিলাগৰাকীক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰাৰ পিছত বুধবাৰে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
৪০ বছৰীয়া মহিলাগৰাকীৰ নাম ইছাবেলা মাৰবহ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। শাৰীৰিক ভাবে দুৰ্বল হৈ পৰা মহিলাগৰাকীক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰাৰ পিছত বুধবাৰে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
দুদিন বন্ধৰ পিছত সোমবাৰে খোল খালে বেংক! কিন্তু পুৱাই কৰ্মচাৰীসকল বেংকৰ ভিতৰত প্ৰৱেশ কৰি হৈ পৰিল আচৰিত! কাৰণ বেংকৰ ভিতৰত ওলাইছে এগৰাকী শাৰীৰিক ভাবে দুৰ্বল মহিলা! পিছে ক'ৰ পৰা আহিল মহিলাগৰাকী? কেনেকৈ সোমাল বেংকৰ ভিতৰত? কাৰো কথালৈ বাট নাচাই, মহিলাগৰাকীয়ে কৰ্মচাৰীসকলক সৈমান কৰিবলৈ চেষ্টা কৰিলে যে, তেওঁ ভুলবশতঃ সোমাল বেংকত।
পিছে কোনে শুনিব মহিলাগৰাকীৰ কথা? বেংকৰ কৰ্মচাৰীসকলে সিদ্ধান্ত ল'লে যে, পৰীক্ষা কৰা হ'ব CCTV কেমেৰাৰ ফুটেজ। আৰু তাৰ পিছতে ওলাই পৰিল উৰহি গছৰ ওৰ। CCTV কেমেৰাত দেখা গ'ল যে, 'মহিলাগৰাকীয়ে কেইবাবাৰো বেংকৰ ল'কাৰ খুলিবলৈ চেষ্টা কৰিছে। হাতত আছে এটা হাতুৰী।' মহিলাগৰাকীৰ হাতত থকা বেগটোত ওলাইছে ORSৰ পেকেট আৰু বিস্কুট।
জানিব পৰা মতে, সেই বেংকটোতে মহিলাগৰাকীৰ এটা একাউণ্ট আছে। শুকুৰবাৰে বেংকত ২০০০ টকা জমা কৰিছিল মহিলাগৰাকীয়ে। আৰু তাৰ পিছতে নিজকে বেংকটোৰ ভিতৰত আত্মগোপন কৰি ৰাখি টকা লুটি নিয়াৰ পৰিকল্পনা কৰিছিল ৪০ বছৰীয়া মহিলাগৰাকীয়ে। পৰিলকল্পনা অনুসৰি, সেইদিনা নিশা বেংকটোৰ পৰা টকা লুটি শনিবাৰে বেংক খোলাৰ সময়ত মনে মনে বেংকৰ পৰা আঁতৰি যাব। কিন্তু ভবা মতে নহ'ল সকলো, কাৰণ মহিলাগৰাকীয়ে পাহৰি গৈছিল যে, শনিবাৰে বেংক বন্ধ থকাৰ কথা। ফলত ভোকে পিঁয়াহে দুদিন আবদ্ধ হৈ থাকিবলগীয়া হয় বেংকৰ ভিতৰতে।
৪০ বছৰীয়া মহিলাগৰাকীৰ নাম ইছাবেলা মাৰবহ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। শাৰীৰিক ভাবে দুৰ্বল হৈ পৰা মহিলাগৰাকীক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰাৰ পিছত বুধবাৰে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|