১৯৭২ চনত সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল মেঘালয়ে ৷ সেই তেতিয়াৰ পৰাই অসম-মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ লাম্পীয়ে সীমা বিবাদৰ বাবে দেখা নাই উন্নয়নৰ মুখ ৷ অসমৰ ইতিহাসত পোন প্ৰথমবাৰলৈ দুখন ৰাজ্যৰ দুগৰাকীকৈ মুখ্যমন্ত্ৰীৰ লাম্পীত পদাৰ্পণে 'লাম্পী'লৈ কঢ়িয়াইছে আশা ৷
সীমা বিবাদৰ বাবে ১৯৭২ চনৰ পৰাই অসমৰ মানচিত্ৰত থকা লাম্পী হৈ আহিছে সকলো ফালৰে পৰা বঞ্চিত ৷ নাই এখন ভাল স্কুল ৷ নাই হাস্পতাল ৷ খোৱাপানীৰ বাবেও কৰিবলগীয়া হয় হাহাকাৰ ৷ পানীৰ বাবে এতিয়াও একাংশ গঞা নিৰ্ভৰশীল নিজৰাৰ ওপৰত ৷ ল'ৱাৰ লাম্পীত আছে ছখন গাঁও, য'ত প্ৰায় ৪ হাজাৰ ৩শ লোকৰ বসতি ৷
পিছে বেমাৰ এটা হ'লে বেমাৰীক নিবলৈ নাই এখন এম্বুলেঞ্চো ৷ তথ্য প্ৰযুক্তিৰ এই যুগত লাম্পীত নাপায় আপুনি মোবাইল নেটৱৰ্ক ৷ মঙলবাৰে পুৱা আমি যেতিয়া উপস্থিত হৈছিলোঁ দুৰ্গম লাম্পীত, সেই সময়ৰ পৰা বহু কথাই ভবাই তুলিছিল আমাক ৷ কেনেকৈ সম্ভৱ এয়া! এয়াৰটেল,ভোডাফোন, জিঅ' একোৰে নাই নেটৱৰ্ক ৷
নেটৱৰ্কবিহীন সময়ছোৱাত উপায়হীন হৈ পৰিছিলোঁ আমি ৷ এজনে ক'লে, আপোনালোকে ভুৱনেশ্বৰী মন্দিৰৰ সন্মুখলৈ যাওক তাত অলপ নেটৱৰ্ক পাব ৷ গ'লো ৷ পালোঁ ৷ মোবাইল নেটৱৰ্ককে ধৰি আন বস্তু নাপালেও মানুহখিনি কিন্তু মেঘালয়ত অন্তৰ্ভুক্ত হ'ব নিবিচাৰে ৷ আমৃত্যু থাকিব বিচাৰে স্বাভিমানী অসমীয়া হৈ ৷
এই সকল লোকৰ আশা–ভৰসাৰ থল এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লাম্পীৰ ইতিহাসত এয়াই প্ৰথম, এগৰাকী মুখ্যমন্ত্ৰী আহিছে লাম্পীলৈ ৷ লগত আহিছে আকৌ বিবদমান আনখন ৰাজ্যৰো মুখ্যমন্ত্ৰী ৷ প্ৰথমে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ক'লে, "অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই উদ্যোগৰ বাবে ধন্যবাদ ৷ লাম্পীকে ধৰি প্ৰায় সীমান্তৰ ১২টা স্থানত ৪৯ বছৰ ধৰি চলি আহিছে বিবাদ ৷ মই নিজে এই সমস্যাৰ সমাধান বিচাৰোঁ ৷ জটিল যদিও এই সমস্যা সমাধান কৰাটো নৈতিক কৰ্তব্য আমাৰ ৷ শুভেচ্ছামূলক এই ভ্ৰমণে এক সমাধানৰ পথ প্ৰশস্ত কৰিব ৷ যি কামে দীৰ্ঘদিন ধৰি সীমান্তবাসীয়ে ভুগি অহা দুৰ্ভোগৰ পৰা মুক্তি দিব ৷ লাম্পী অঞ্চলৰ বাসিন্দা গাৰো, খাচী আৰু গোৰ্খাসকলক ন্যায় প্ৰদান কৰি উন্নয়নৰ দিশে লৈ যাব লাগিব ৷
আজিৰ দিনটো এক ঐতিহাসিক দিন ৷ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এয়া ৪৯ বছৰত প্ৰথম আগমন লাম্পীলৈ ৷ সদায় দিছপুৰ-শ্বিলঙত বহি সমস্যা সমাধান কৰিব বিচাৰিছিল মুখ্যমন্ত্ৰীসকলে ৷ আমি দিছপুৰ-শ্বিলঙত বহি নাথাকি গ্ৰাউণ্ড ৰিয়েলিটী বুজিব খুজিছোঁ ৷ আজিয়েই সমস্যা সমাধান হ'ব বুলি নকওঁ, কিন্তু সমস্যা সমাধান হ'বই ৷ সম্পূৰ্ণ নহ'লেও আমি অধিকাংশ সমস্যাৰ আশু সমাধা কৰিম ৷ দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া বহু আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে সীমান্তবাসী ৷ মোৰ অনুৰোধ ৰাইজলৈ মেঘালয়েও যদি কিবা উন্নয়নমূলক আঁচনি আপোনালোকক দিছে আপোনালোকে লৈ লওক ৷ কথা দিছোঁ আমি দুই ৰাজ্যই একেলগে কাম কৰি আমাৰ ঈপ্সিত লক্ষ্যত উপনীত হ'ম ৷"
কনৰাড চাংমাৰ একে সুৰতে সুৰ মিলাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ক'লে, " অসমৰ ৰাইজৰ হৈ কনৰাড চাংমাক আন্তৰিক ধন্যবাদ ৷ সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ লোৱা মেঘালয়ে সীমা সমস্যা সমাধান কৰিবলৈ লোৱা ঐতিহাসিক পদক্ষেপৰ বাবে ধন্যবাদ ৷ ১৯৭২ চনত জন্ম হোৱা মেঘালয়ৰ সৈতেই হওক বা আন সাত ভনীৰ মাজৰ সংঘাত দুখজনক ৷ অসম–মেঘালয়ৰ ১২টাকৈ স্থানত আছে সীমা বিবাদ ৷ দুয়োখন ৰাজ্যই গঠন কৰা কমিটিয়ে ইতিমধ্যে ৬টাকৈ সীমা বিবাদ থকা অঞ্চল ভ্ৰমণ কৰি সকলো বুজ লৈছে ৷ প্ৰথম ফেজত লাম্পী নাছিল যদিও লাম্পীৰ সমস্যাও প্ৰথমাৱস্থাতে শেষ কৰিব বিচাৰিছোঁ ৷ আমি কথা দিছোঁ বন্ধুত্বৰ স্পৃহা, উত্তৰ–পূৰ্বাঞ্চলৰ স্পৃহাৰে সমস্যা সমাধান কৰিব বিচাৰিছোঁ ৷''
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়– ''আমি এতিয়া ভেকচিন কাৰ পৰা ল'ম, শিক্ষা, বিদ্যুৎ,পথ কাৰ পৰা ল'ম? মোবাইল টাৱাৰ কাৰ পৰা ল'ম অসম নে মেঘালয়? এয়াৰটেল, জিঅ' আদিয়ে দিব ৷ কিন্তু আমি কাজিয়া কৰি থাকিলে সকলোৰে পৰা বঞ্চিত হৈ থাকিব লাগিব ৷ আমি আলোচনাৰ মজিয়াত বিবাদ নিষ্পত্তি কৰিব লাগিব ৷ দুয়োখন ৰাজ্যৰ গঠিত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰথম ছটাকৈ স্থানৰ সীমা বিবাদ মীমাংসা কৰা হ'ব ৷ লাম্পীক বিকাশৰ পথেৰে লৈ গৈ উন্নয়নৰ দিগন্ত অনা হ'ব ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আহিলেও দুয়ো ৰাজ্যৰ সীমা বিবাদৰ বাবে সেয়া ৰৈ যায় ৷ কথা দিলোঁ দুয়োখন চৰকাৰে মিলি শান্তি প্ৰতিষ্ঠা কৰিম ৷"
সঁচাকৈয়ে এই দুই মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত পৰিৱৰ্তন আহক লাম্পীলৈও ৷ লাম্পীয়ে পাওক ৪৯ বছৰ ধৰি সহি অহা যন্ত্ৰণাৰ পৰা মুক্তি ৷