• Home
  • »
  • News
  • »
  • shillong
  • »
  • Assam-Meghalaya Border: আন এক সীমান্ত সংঘাত! বশিষ্ঠৰ দক্ষিণ গণেশনগৰৰ অসম–মেঘালয় সীমান্তত অৰ্ধসামৰিক বাহিনী মোতায়েন

Assam-Meghalaya Border: আন এক সীমান্ত সংঘাত! বশিষ্ঠৰ দক্ষিণ গণেশনগৰৰ অসম–মেঘালয় সীমান্তত অৰ্ধসামৰিক বাহিনী মোতায়েন

অঞ্চল পৰিদৰ্শন কৰে মহানগৰ আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্তই।

অঞ্চল পৰিদৰ্শন কৰে মহানগৰ আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্তই।

অঞ্চল পৰিদৰ্শন কৰে মহানগৰ আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্তই।

  • Share this:

অসম–মিজোৰাম সীমান্তৰ সংঘাতৰ সমান্তৰালভাৱে কালি অসম–মেঘালয় সীমান্ততো সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতি। কিন্তু মিজোৰাম প্ৰশাসনৰ দৰে মেঘালয় প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ নকৰি ইয়াক নিয়ন্ত্ৰণ কৰে।


অসম–মেঘালয় সীমান্তৰ বশিষ্ঠৰ দক্ষিণ গণেশনগৰত দুই ৰাজ্যৰ মাজত সীমাক লৈ চলি আছিল দীৰ্ঘদিন ধৰি সংঘাত। কালি মেঘালয় ইলেকট্ৰিচিটি কৰ্পোৰেচন লিমিটেডে এই অঞ্চলত বিদ্যুতৰ খুঁটা পোতাক লৈ স্থানীয় নাগৰিকৰ সৈতে অসম আৰক্ষীৰ বাকযুদ্ধৰ লগতে হৈছিল হতাহতি।


এনে পৰিস্থিতি আজি এই অঞ্চল পৰিদৰ্শন কৰে মহানগৰ আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্তই। ইতিমধ্যে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ আৰু জিলা উপায়ুক্তক পৰ্যালোচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া এই অঞ্চলতো কোনো অপ্ৰীতিকৰ পৰিৱেশ নহ'বলৈ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।


উল্লেখ্য, কালি অসম আৰক্ষীক বিদ্যুতৰ খুঁটা পোতাত বাধা দিয়াৰ বাবে হোৱা উত্তেজনাময় পৰিস্থিতিত মেঘালয়ৰ ম'হাতি সমষ্টিক প্ৰতিনিধিত্ব কৰা জিলা পৰিষদৰ স্থানীয় সদস্য চাৰ্লছ মাৰ্গনাৰো শাৰীৰিকভাৱে অপদস্থ হৈছিল। কিন্তু ঘটনাই চৰম ৰূপ লোৱাৰ পৰা কোনোমতে ৰক্ষা দুই ৰাজ্য।

Published by:Gautam Barman
First published: