মুখ্যপৃষ্ঠা »খবৰ »শ্বিলং »মেঘালয়ৰ নংমিনচং আৰক্ষী চকীত ক্ষুৱ্ধ জনতাৰ আক্ৰমণ, আহত তিনি চিআৰপিএফ জোৱান

মেঘালয়ৰ নংমিনচং আৰক্ষী চকীত ক্ষুৱ্ধ জনতাৰ আক্ৰমণ, আহত তিনি চিআৰপিএফ জোৱান

নংমিনচঙত কিছুমান অজনজাতীয় লোকৰ দ্বাৰা আক্ৰমণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত অঞ্চলটোত তীৱ্ৰ উত্তেজনাৰ সৃষ্টি হয়।

নংমিনচঙত কিছুমান অজনজাতীয় লোকৰ দ্বাৰা আক্ৰমণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত অঞ্চলটোত তীৱ্ৰ উত্তেজনাৰ সৃষ্টি হয়।

  • Share this:

মঙলবাৰে নিশা মেঘালয়ৰ নংমিনচং আৰক্ষী চকীত ক্ৰোধিত জনতাৰ আক্ৰমণৰ ফলত কমেও তিনিজন CRPF জোৱান আহত হয়। আৰক্ষী আৰু চিআৰপিএফৰ জোৱানসকলে নিচাগ্ৰস্ত অৱস্থাত থকা আৰু থানালৈ লৈ যোৱা দুজন লোকৰ এজনক জনতাই আক্ৰমণ কৰাত বাধা দিয়াৰ সময়তে এই আক্ৰমণৰ সন্মুখীন হয়। নংমিনচঙত কিছুমান অজনজাতীয় লোকৰ দ্বাৰা আক্ৰমণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত অঞ্চলটোত তীৱ্ৰ উত্তেজনাৰ সৃষ্টি হয়।


এই সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি গৃহমন্ত্ৰী লাহকমেন ৰিম্বুৱে কয় যে আৰক্ষী, দৰবাৰ শ্নং আৰু আৱাসীসকলে গ্ৰহণ কৰা যুটীয়া পদক্ষেপৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণত আহে। তেওঁ কয়, 'আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু ঘটনাটোত যি জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ৰিম্বুৱে লগতে কয় ই কয় যে উৰাবাতৰি প্ৰচাৰ কৰাৰ ফলত  এই ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত তেওঁ পুনৰ যাতে উৰাবাতৰি বিয়পাব নোৱাৰে তাৰ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।


উল্লেখ্য উক্ত ঘটনাত শিলগুটি নিক্ষেপৰ ফলত আৰক্ষীৰ দুখন বাহন, ৩খন ব্যক্তিগত চাৰিচকীয়া বাহন আৰু ৩ চকীয়া বাহন ক্ষতিগ্ৰস্ত হৈছিল।  আনহাতে এই ঘটনাক লৈ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা ৫১ আৰু মহামাৰী আইন ১৮৯৭ ৰ ধাৰা ৩ আৰু ধাৰা ৩ পিডিপিপি আইন, ১৯৮৪ৰ  সংশ্লিষ্ট ধাৰাৰ অধীনত আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত কৰি থকা হৈছে। 

শেহতীয়া বাতৰি