নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে শাসক বিৰোধীৰ একাংশ ৰাজনৈতিক নেতাই নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱা দেখা গৈছে। কিছুদিন পূৰ্বে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপিক ভোট নিদিলে পাপে চুব বুলি মন্তব্য কৰাৰ পিছত এইবাৰ ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ মুখত শুনা গ'ল চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য।
শনিবাৰে এখন নিবাচনী সভাত ডিব্ৰগড় সমষ্টিৰ শাসকীয় দলৰ প্ৰাথী প্ৰশান্ত ফুকনে ভাষণ প্ৰসংগত কয় যে, 'বিজেপি চৰকাৰ নাহিলে মুছলমান লোকে নামঘৰত নামাজ পঢ়িব।'
প্ৰশান্ত ফুকনৰ এনে মন্তব্যই এতিয়া সৰ্বত্ৰ ব্যাপক চৰ্চা লাভ কৰিছে। দেওবাৰে পুৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক এই সন্দৰ্ভত প্ৰশ্ন কৰে সাংবাদিকে। সাংবাদিকৰ প্ৰশ্নত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় য়ে, 'আজমলে তেনেধৰণৰ মন্তব্য কৰাৰ কাৰণেহে প্ৰশান্ত ফুকনে তেনেদৰে কৈছে। ৰাজনীতিত এইবোৰ চলেই ৷ প্ৰশান্ত ফুকনৰ এয়া সম্পূৰ্ণ ব্যক্তিগত মন্তব্য। এয়া বিজেপি ৰাজ্যিক নেতৃত্বৰ মন্তব্য নহয় ৷'
আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰশান্ত ফুকনৰ সুৰতে সুৰ মিলাই ক'লে, 'আজমল আহিলে সঁচাই এনেকুৱা পৰিবেশ হ'ব অসমত ৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|