ক’ভিড-19 অতিমাৰীয়ে আক্ৰমণ কৰাৰ পাছত আৰম্ভণিৰে পৰাই চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীসকলে সংক্ৰমণৰ বিৰুদ্ধে আমাৰ প্ৰথমটো প্ৰতিৰক্ষা শাৰী হিচাপে ভূমিকা নিৰ্বাহ কৰি আহিছে। তেওঁলোকৰ এই অৱদান ব্যাপকভাৱে জনাজাত আৰু প্ৰশংসিত হৈছে। ইয়াৰ ফলত আনকি এই পেছাদাৰী সাহসী ব্যক্তিসকলৰ বাবে উন্নত কৰ্মৰ সুবিধাও সৃষ্টি হৈছে, যাৰ ভিতৰত এটা উদাহৰণ হৈছে- সুৰক্ষা সঁজুলিৰ উন্নত ব্যৱস্থা। যেতিয়া ভাৰতত প্ৰথমবাৰৰ বাবে টীকাকৰণৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছিল, তেতিয়া চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ প্ৰাধান্যকো স্বীকাৰ কৰা হৈছিল, যাৰ ফলস্বৰূপে ক’ভিড-19ৰ ছিটা প্ৰাপ্ত কৰা সৰ্বাধিক অগ্ৰাধিকাৰ পোৱা গোটৰ ভিতৰত তেওঁলোকো অন্যতম আছিল।
অৱশ্যে এতিয়া, দেশত হোৱা প্ৰথমটো টীকাকৰণৰ অভিযানৰ প্ৰায় এবছৰ পাছত, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ মাজত এক নতুন স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হৈছে। তেওঁলোকৰ টীকাকৰণৰ কেইবামাহো পাৰ হোৱা পাছত, অনেকেই এতিয়া তেওঁলোকৰ শৰীৰৰ প্ৰণালীত এণ্টিবডিৰ সম্পূৰ্ণ অনুপস্থিতিৰ কথা আৱিষ্কাৰ কৰিছে। এই কথাটো নিয়মীয়া এণ্টিবডি পৰীক্ষাৰ সময়ত লক্ষ্য কৰা হৈছিল, আৰু ই সঁচাকৈয়ে এক চিন্তনীয় লক্ষণ, যিহেতু চিকিৎসক আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকল এতিয়াও ক’ভিড-19ৰ চিকিৎসা আৰু ব্যৱস্থাপনাত জড়িত হৈ আছে বুলি ক’ব পৰা যায়। ফলস্বৰূপে, তেওঁলোকে ক’ভিড-19 টীকাকৰণৰ গোপন বুষ্টাৰ শ্বটৰ আশ্ৰয় লোৱা প্ৰতীত হৈছে। যিহেতু এই ‘বুষ্টাৰ’ শ্বটবোৰৰ অধিকাংশই ভেকছিনৰ ভাইলত থকা অতিৰিক্ত অংশৰ পৰা সংগ্ৰহ কৰা হয়, সেইবিলাকৰ কথা গম পোৱা নাযায় আৰু হিচাপতো ধৰা নপৰে।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে কেইখনমান দেশে ইতিমধ্যে সংক্ৰমণৰ অধিক বিপদাশংকা থকা নাগৰিকসকলৰ বাবে বুষ্টাৰ শ্বট লোৱাটো বাধ্যতামূলক কৰিছে। কিন্তু ভাৰতৰ দৰে দেশত, য’ত 3 অক্টোবৰলৈকে কেৱল 26.3% যোগ্য প্ৰাপ্তবয়স্ক লোকক হে সম্পূৰ্ণৰূপে টীকাকৰণ কৰা হৈছে, সমান ভেকছিন বিতৰণ আৰু গ্ৰহণ কৰাৰ অসুবিধাৰ দৰে সমস্যাই তেনে ব্যৱস্থা কৰাৰ সুযোগ দিয়া নাই। কিন্তু টীকাকৰণৰ দ্বিতীয় পালিৰ পাছৰ দুটামান মাহতে দ্ৰুতগতিত এণ্টিবডিৰ গণনা হ্ৰাস হোৱাৰ অৰ্থ হৈছে যে বহু লোকক এনে বুষ্টাৰ শ্বটৰ প্ৰয়োজন হ’ব পাৰে, আনকি ভাৰতৰ জনসংখ্যাৰ অৰ্ধেক অংশক সম্পূৰ্ণৰূপে টীকাকৰণ কৰাৰ আগতেই তেনে চিন্তাৰ প্ৰয়োজন আহিব পাৰে। চিকিৎসক আৰু স্বাস্থ্য কৰ্মচাৰীৰ বাবে, এয়া অধিক জৰুৰী চিন্তাৰ বিষয়, যাৰ বাবে তেওঁলোকে নিজেই এতিয়া চিপজৰী হাতত লৈছে।
যদিও চিকিৎসকসকলে এনেদৰে অননুমোদিত বুষ্টাৰ শ্বট গ্ৰহণ কৰাটো নিয়মৰ উলংঘন হ’ব পাৰে, চিকিৎসকসকলে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হ’বলগীয়া অপ্ৰত্যাশিত বিপদাশংকাৰ কথা উল্লেখ কৰি নৈতিক অৱহেলাৰ সকলো দাবী নিজেই অস্বীকাৰ কৰিছে। ব্যক্তিগত বিপদৰ উপৰিও, চিকিৎসকসকলে বিশেষকৈ তেওঁলোকৰ পৰিয়ালত তেওঁলোকৰ জৰিয়তে সংক্ৰমণ হোৱাৰ বিষয়ে চিন্তিত। এনে এক ঘৰুৱা ছেট আপত, য’ত পিতৃ-মাতৃ উভয়েই চিকিৎসক, তাত শিশু আৰু বৃদ্ধ লোক সংক্ৰমিত হোৱাৰ বিশেষ আশংকা থাকে।
চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীসকলৰ দৃষ্টিকোণৰ পৰা, ইয়াৰ একমাত্ৰ সমাধান হৈছে উচ্চ বিপদাশংকা থকা ব্যক্তিসকলৰ বাবে ভেকছিনৰ তৃতীয় বুষ্টাৰ শ্বট এটা নীতিৰ অন্তৰ্ভুক্ত কৰি তোলা। এনে সম্পদৰ বিতৰণ আৰু টীকাকৰণৰ প্ৰচেষ্টা উন্নত কৰাৰ উপৰিও, এনে বুষ্টাৰ পালিবোৰে ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ সহজে সংক্ৰমিত হ’ব পৰা শ্ৰেণী- চিকিত্সক তথা স্বাস্থ্যকৰ্মীক শক্তিশালী হৈ থকাত সহায় কৰিব, আৰু আমাৰ সামূহিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাক অধিক সুৰক্ষিত কৰাত সহায় কৰিব।
ভাৰতৰ সৰ্ববৃহৎ ক’ভিড-19 ভেকছিন সজাগতা অভিযান, ফেডাৰেল বেংক লিমিটেডৰ.CSR উদ্যোগ Network18 Sanjeevani – A Shot Of Life ৰ সৈতে যুক্ত হৈ প্ৰতিজন ভাৰতীয় নাগৰিককে ছিটা প্ৰদান কৰাত সহায় কৰাৰ এই প্ৰচেষ্টাত যোগদান কৰক। এয়া হৈছে ভাৰতৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বাবে থিয় হোৱাৰ সময়।
- First Published :