• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • Assam CM Himanta Biswa Sarma : দিল্লীত RAWৰ শীৰ্ষ বিষয়াক কিয় সাক্ষাৎ কৰিলে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? আজি অসমলৈ উভতিবনে মুখ্যমন্ত্ৰী? দিল্লীৰ পৰা কি বাৰ্তা দিব মুখ্যমন্ত্ৰীয়ে?

Assam CM Himanta Biswa Sarma : দিল্লীত RAWৰ শীৰ্ষ বিষয়াক কিয় সাক্ষাৎ কৰিলে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? আজি অসমলৈ উভতিবনে মুখ্যমন্ত্ৰী? দিল্লীৰ পৰা কি বাৰ্তা দিব মুখ্যমন্ত্ৰীয়ে?

NRCৰ পুনৰীক্ষণ, পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়োৱা বিষয় দুটাই মু্খ্যমন্ত্ৰীৰ বাবে সৰ্বাধিক প্ৰত্যাহ্বানপূৰ্ণ।

NRCৰ পুনৰীক্ষণ, পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়োৱা বিষয় দুটাই মু্খ্যমন্ত্ৰীৰ বাবে সৰ্বাধিক প্ৰত্যাহ্বানপূৰ্ণ।

NRCৰ পুনৰীক্ষণ, পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়োৱা বিষয় দুটাই মু্খ্যমন্ত্ৰীৰ বাবে সৰ্বাধিক প্ৰত্যাহ্বানপূৰ্ণ।

  • Share this:
দিল্লীৰ পৰা কি বাৰ্তা দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সোমবাৰে সন্ধিয়া দিল্লীলৈ যোৱা মুখ্।মন্ত্ৰী শৰ্মা আজি অসমলৈ উভতাৰ সম্ভাৱনা আছে। আজি তেওঁ দিল্লীত অসমৰ সাংবাদিক সকলৰ বাবে আহ্বান কৰিছে এক সংবাদমেলৰ। এই সংবাদমেলত কি মন্তব্য় কৰিব মুখ্যমন্ত্ৰীয়ে তাকৈ লৈ চলিছে গুণাগথা।

মু্খ্যমন্ত্ৰী হিচাপে প্ৰথমটো দিল্লী ভ্ৰমণতে হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি 'ৰ' (RAW)ৰ শীৰ্ষ বিষয়ালৈকে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিষয়াক সাক্ষাৎ কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰী, স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধন, কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে। উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু বিজেপিৰ সভাপতি জে পি নড্ডাকো সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এই সাক্ষাৎসমূহ নিতান্তই সৌজন্যমূলক বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলেও ইয়াৰ মাজতে বহু গুৰুত্বপূৰ্ণ আলোচনাও যে হৈছে সেই কথা নুই কৰিব নোৱাৰি।

কিন্তু সকলোকে আচৰিত আৰু উৎকণ্ঠিত কৰি তুলিছে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিৎ কুমাৰ ডোভাল, 'ৰ' (RAW)ৰ শীৰ্ষ বিষয়া শ্যামন্ত গোৱেল আৰু কেন্দ্ৰীয় গৃহ সচিব এ কে ভল্লাকো সাক্ষাৎ কৰিছে এই ভ্ৰমণ কালত। প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে এই বিষয়াকেইজনক সাক্ষাৎ কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে মু্খ্যমন্ত্ৰীৰ সন্মুখত আছে কেইবাটাও বৃহৎ প্ৰত্যাহ্বান। যাৰ ভিতৰত NRCৰ পুনৰীক্ষণ, পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়োৱা বিষয় দুটাই হ'ব মু্খ্যমন্ত্ৰীৰ বাবে সৰ্বাধিক প্ৰত্যাহ্বানপূৰ্ণ। গতিকে আগন্তুক দিনত এই বিষয় দুটাক লৈ কেনেদৰে আগবাঢ়িব সেই বিষয়ে আলোচনা কৰাটোও নুই কৰিব নোৱাৰি।
Published by:Manjumoni Borah
First published: