உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • Draupadi Murmu: NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ ব্যক্তিগত জীৱন অত্যন্ত বেদনাদায়ক, স্বামীৰ মৃত্যুৰ পিছত হেৰুৱাইছিল ২ পুত্ৰকো

    Draupadi Murmu: NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ ব্যক্তিগত জীৱন অত্যন্ত বেদনাদায়ক, স্বামীৰ মৃত্যুৰ পিছত হেৰুৱাইছিল ২ পুত্ৰকো

    • Share this:
    ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক। বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পাছত মঙলবাৰে দলৰ সভাপতি জে পি নাড্ডাই দ্ৰৌপদী মুৰ্মুৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে। ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ পিছত জনজাতীয় সম্প্ৰদায়ৰ অন্তৰ্গত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হ’ব দ্ৰৌপদী মুৰ্মুৱে।

    দ্ৰৌপদী মুৰ্মুৰ যাত্ৰা অতি দীঘলীয়া আৰু কঠিন

    ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়োৱা আদিবাসী নেত্ৰী দ্ৰৌপদী মুৰ্মুৰ (Draupadi Murmu) আছে এক অতি দীঘলীয়া আৰু কঠিন যাত্ৰা। ১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোছি গাঁৱত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মু জনজাতীয় সন্থাল পৰিয়ালৰ অন্তৰ্গত। তেওঁৰ পিতৃৰ নাম বিৰঁচী নাৰায়ণ টুডু।

    স্বামীৰ মৃত্যুৰ পিছত হেৰুৱাইছিল ২ পুত্ৰকো

    দ্ৰৌপদী মুৰ্মুৱে শ্যাম চৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ তিনি সন্তান আছিল (দুজন পুত্ৰ আৰু এগৰাকী কন্যা)। কিন্তু, দ্ৰৌপদী মুৰ্মুৰ ব্যক্তিগত জীৱন অত্যন্ত ট্ৰেজেডীৰে ভৰা আৰু তেওঁ স্বামী আৰু দুয়ো পুত্ৰক অগা পিছাকৈ হেৰুৱাবলগীয়া হৈছিল। তেওঁৰ কন্যা তীশ্ৰীৰ বিবাহ হৈছে গণেশ হেমব্ৰমৰ সৈতে।

    এসময়ত জলসিঞ্চন বিভাগত কনিষ্ঠ সহায়কৰ কাম কৰিছিল

    কিন্তু দ্ৰৌপদী মুৰ্মুৱে এই প্ৰত্যাহ্বান আৰু সকলো অসুবিধা অতিক্ৰম কৰি হাৰ নামানি ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ওড়িশা চৰকাৰৰ জলসিঞ্চন আৰু বিদ্যুৎ বিভাগত কনিষ্ঠ সহায়ক অৰ্থাৎ কেৰাণী হিচাপে চাকৰি লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰাইৰাংপুৰৰ শ্ৰী ঔৰোবিন্দো অখণ্ড শিক্ষা কেন্দ্ৰত অনাৰেৰী সহকাৰী শিক্ষক হিচাপেও কাম কৰে।

    কাউন্সিলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল

    সন্থাল সমাজত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুৱে ১৯৯৭ চনত ওড়িশাৰ ৰাইৰাংপুৰ নগৰ পঞ্চায়তত কাউন্সিলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে আৰু তাৰ পিছত ২০০০ চনত ওড়িশা চৰকাৰৰ মন্ত্ৰী হয়।

    BJD-BJPৰ মিত্ৰতা বিচ্ছিন্ন হোৱাৰ পিছতো জয়ী হয়

    ওড়িশা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে বিজু জনতা দলে বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ পিছতো ২০০৯ চনত ৰাইৰাংপুৰৰ দুবাৰৰ বিধায়ক দ্ৰৌপদী মুৰ্মুৱে বিধানসভাৰ আসন লাভ কৰিছিল। সেই নিৰ্বাচনত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ দল বিজেডিয়ে জয়লাভ কৰিছিল।

    শ্ৰেষ্ঠ বিধায়কৰ নীলকান্ত বঁটা লাভ

    ২০০৭ চনত ওড়িশা বিধানসভাই দ্ৰৌপদী মুৰ্মুক বছৰৰ শ্ৰেষ্ঠ বিধায়কৰ নীলকণ্ঠ বঁটা প্ৰদান কৰিছিল। তেওঁ ওড়িশা চৰকাৰৰ পৰিবহণ, বাণিজ্য, মীন আৰু পশুপালনৰ দৰে মন্ত্ৰালয়সমূহ চম্ভালাৰ অভিজ্ঞতাৰে পুষ্ট।

    বিজেপি সংগঠনৰ বহু গুৰুত্বপূৰ্ণ পদ চম্ভালিছে

    দ্ৰৌপদী মুৰ্মু ভাৰতীয় জনতা পাৰ্টীৰ ওড়িশা ইউনিটৰ অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতি তথা পৰৱৰ্তী সময়ত সভাপতিও আছিল। তদুপৰি ২০১৩ চনত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক (এছটি মৰ্চা)ৰ সদস্য হিচাপে মনোনীত হৈছিল।

    ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হোৱাৰ বাবে গৌৰৱ

    ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হোৱাৰ গৌৰৱো আছে দ্ৰৌপদী মুৰ্মুৱে। ২০১৫ চনৰ ১৮ মে’ত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা দ্ৰৌপদী মুৰ্মুক ২০২১ চনৰ ১২ জুলাইলৈকে এই পদত আছিল। যদি, তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তেন্তে তেওঁ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতিও হ’ব।
    (ইনপুট- বাতৰি সংস্থা পিটিআই)
    First published: