অসমৰ চাৰিজন প্ৰভাৱিত ছাত্ৰ-ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিলৰ নির্দেশ বিচাৰি এইবাৰ কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ । চাজিন আখতাৰ, তব্বসুম ৰহমান, জুপিতৰা বৰদলৈ আৰু ইপ্সিতা গগৈ নামৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আবেদন । তেওঁলোকে আবেদনত অসমৰ বৰ্তমানৰ পৰিস্থিতিত ৰাজ্য চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাতিবলৈ লৈ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ তুলি পৰীক্ষা বাতিলৰ আগ্ৰহ প্রকাশ কৰিছে ।
১৭ জুনত অধিবক্তা মমতা শৰ্মাই সমগ্ৰ দেশত পৰীক্ষা বাতিলৰ নিৰ্দেশ বিচাৰি কৰা গোচৰটোৰ হ’বলগীয়া শুনানিৰ সৈতে অসমৰ গোচৰটোও সংলগ্ন কৰা হৈছে ।
চাৰি গৰাকী শিক্ষাৰ্থীয়ে আবেদনত অসম চৰকাৰৰ দ্বাৰা এটা সঠিক সময় নিৰ্ধাৰিত CBSEৰ সদৃশ বিকল্প মূল্যায়নো বিচাৰিছে । লগতে যিসকল এনে মূল্যায়নৰে সন্তুষ্ট নহয় তেনে পৰীক্ষাৰ্থীৰ কাৰণে Covid পৰিস্থিতি সাম কটাৰ পিছত পৰীক্ষা পতাৰ পোষকতা কৰিছে আবেদনকাৰীকেইজনে ।
উল্লেখযোগ্য যে অহা ১৭ জুনৰ শুনানিৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা দেশৰ এটৰ্ণী জেনেৰেল (Attorney General) কে কে বেনুগোপালক বিগত শুনানিত উচ্চতম ন্যায়ালয়ে CBSEয়ে পৰীক্ষা বাতিল কৰাৰ পিছত বিকল্প মূল্যায়ন পদ্ধতি কি হ’ব তাৰ সবিশেষ জমা দিবলৈ নিৰ্দেশ দিছিল । লগতে এই কামৰ কাৰণে CBSEয়ে যোৱা ৪জুনত এখন ১২জনীয়া কমিটী গঠন কৰিছিল । কমিটীখনে ১০দিনৰ ভিতৰত প্ৰতিবেদন জমা দিয়াৰ কথা ।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যদি জুলাইৰ ১ তাৰিখলৈ অসমত সক্ৰমণৰ হাৰ ২ শতাংশলৈ হ্ৰাস পায় তেন্তে জুলাইৰ ১৫ৰ পৰা ২০তাৰিখৰ ভিতৰত দুটা বা তিনিটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব । ছাত্ৰৰ কাৰণে পৃথক আৰু ছাত্ৰীৰ কাৰণে পৃথক স্থানত পৰীক্ষা পতাৰো পোষকতা কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|