Modi Cabinet Expansion: ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল...মন্ত্ৰী পদৰ বাবে নিৰ্বাচিত নেতাসকলে ক্ৰমান্বয়ে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে।
Modi Cabinet Expansion: ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল...মন্ত্ৰী পদৰ বাবে নিৰ্বাচিত নেতাসকলে ক্ৰমান্বয়ে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে।
কেইবাগৰাকী নেতাই আজি সন্ধিয়া মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মন্ত্ৰী পদৰ বাবে নিৰ্বাচিত নেতাসকলে ক্ৰমান্বয়ে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাষ্ট্ৰপতি ভৱনলৈ তেওঁৰ বাসগৃহ এৰিছে। অনুপ্ৰিয়া পেটেলে ৫ চফদৰজং ৰোডৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ঘৰ এৰিছে।
নৰেন্দ্ৰ মোডী চৰকাৰে বুধবাৰে ইয়াৰ দ্বিতীয় কাৰ্যকালত ইয়াৰ প্ৰথম মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে। কিন্তু এই সম্প্ৰসাৰণৰ আগতে বহু মন্ত্ৰীক অব্যাহতি দিয়া হৈছে। আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভড়েকাৰো সম্প্ৰসাৰণৰ আগতে পদত্যাগ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|