মুখ্যপৃষ্ঠা » খবৰ

» নতুন দিল্লী

»ছাভাৰকাৰ মুছলমানৰ শত্ৰু নাছিল, সংস্কৃতি–ধ্যান–ধাৰণাক লৈ কেতিয়াও ভেদ–ভাৱ কৰা নাছিলঃ মোহন ভাগৱত

ছাভাৰকাৰ মুছলমানৰ শত্ৰু নাছিল, সংস্কৃতি–ধ্যান–ধাৰণাক লৈ কেতিয়াও ভেদ–ভাৱ কৰা নাছিলঃ মোহন ভাগৱত

News18 Assam | News18-Assam
Updated:October 13, 2021, 12:36 PM IST
ছাভাৰকাৰ মুছলমানৰ শত্ৰু নাছিল, সংস্কৃতি–ধ্যান–ধাৰণাক লৈ কেতিয়াও ভেদ–ভাৱ কৰা নাছিলঃ মোহন ভাগৱত
RSS Chief Mohan Bhagwat and Defence Minister Rajnath Singh at the launch of a book on Veer Savarkar on Oct 12, 2021. (Image: @rajnathsingh/Twitter)

RSS প্ৰধান মোহন ভাগৱত আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১২ অক্টোবৰত বীৰ ছাভাৰকাৰৰ ওপৰত ৰচিত এখন গ্ৰন্থ উন্মোচন কৰে।

  • Share this:
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱতে মঙলবাৰে বীৰ ছাভাৰকাৰৰ হিন্দুত্বৰ আদৰ্শ সন্দৰ্ভত মন্তব্য কৰি কয় যে, ছাভাৰকাৰে কেতিয়াও মানুহৰ ভগৱানক উপাসনা কৰাৰ পদ্ধতি, ধ্যান–ধাৰণাক লৈ ভেদ–ভাৱ কৰা নাছিল। “ছাভাৰকাৰে কৈছিল, আমি কিয় বৈষম্য আনো? আমি একে মাতৃভূমিৰ সন্তান, আমি সকলো ভাতৃ। উপাসনাৰ ভিন্ন পদ্ধতি আমাৰ দেশৰ পৰম্পৰা। আমি একেলগে দেশৰ কাৰণে যুঁজি দিছো। " ‘Veer Savarkar: The Man Who Could Have Prevented Partition’, গ্ৰন্থৰ উন্মোচনী সভাত ভাগৱতে এই মন্তব্য কৰে।

ছাভাৰকাৰ কোনোদিনে মুছলমানৰ শত্ৰু নাছিল সেই উক্তিৰে আৰএছএছ প্ৰধানগৰাকীয়ে কয় যে তেওঁ উৰ্দু ভাষাত বহুকেইটা গজল লিখিছিল।

“বহুতেই হিন্দুত্ব আৰু ভাৰতীয় সমাজৰ একতাৰ বিষয়ে কথা পাতি আহিছে। ছাভাৰকাৰে মাত্ৰ সেই কথা স্পষ্ট আৰু উচ্চ স্বৰেৰে তুলি ধৰিছিল। বহু বছৰ পিছত এনে অনুভৱ হৈছে যেন যদিহে বহুতেই তেতিয়াই স্পষ্টভাৱে আৰু ডাঙৰকৈ সমমত প্ৰকাশ কৰিলেহেতেন, দেশৰ বিভাজন নহলহেতেন।" তেওঁ লগতে কয়, “…বিভাজনৰ পিছত যিসকল মুছলীম পাকিস্তানলৈ প্ৰব্ৰজিত হয় তাত তেওঁলোকৰ কোন সন্মান নাই। কাৰণ তেওঁলোক ভাৰতৰ আৰু সেই কথা সলাব নোৱাৰি। আমাৰ পূৰ্বপুৰুষ একেই। কেৱল আমাৰ উপাসনাৰ পদ্ধতি বেলেগ। আমাৰ মুক্ত সনাতনী ধৰ্মৰ সংস্কৃতিক লৈ আমি গৰ্বিত। এই ঐতিহ্যই আমাক আগুৱাই যোৱাত সহায় কৰিছে আৰু সেয়ে আমি একেলগে আছো।" ভাগৱতে কয়।

তেওঁ লগতে কয় যে ছাভাৰকাৰৰ হিন্দুত্ব হওক বা বিবেকানন্দৰ হিন্দুত্ব, সকলো একেই আৰু দুয়ো সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈছে য’ত মানুহৰ সৈতে আদৰ্শগত ভিন্নতাৰ কাৰণে ভেদ–ভাৱ কৰা নহয়।

বীৰ ছাভাৰকাৰক দৃঢ় ৰাষ্ট্ৰীয়তাবাদী আৰু বিংশ শতিকাৰ দেশৰ প্ৰথম সামৰিক পৰিকল্পনাকাৰী হিচাপে উচ্চ প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে কয় যে মহাত্মা গান্ধীৰ অনুৰোধমৰ্মে তেওঁ ব্ৰিটিশলৈ ক্ষমাদান বিচাৰি পত্ৰ দিছিল কিন্তু Marxist আৰু Leninist আদৰ্শত বিশ্বাসীসকলে তেওঁক ভুলকৈ ফেচিবাদী আখ্যা দিয়ে। তেওঁ ছাভাৰকাৰক “national icon" হিচাপে আখ্যা দিয়ে গ্ৰন্থ উন্মোচনী সভাত। ৰাজনাথ সিঙে কয় ছাভাৰকাৰে দেশক “মজবুত নিৰাপত্তা আৰু কূটনৈতিক ডচিয়াৰ" প্ৰদান কৰিছিল।

“ভাৰতীয় ইতিহাসৰ তেওঁ এগৰাকী প্ৰবাদ পুৰুষ হৈ থাকিব। তেওঁক লৈ ভিন্ন মত থাকিব পাৰে। কিন্তু তেওঁক হেয় দৃষ্টিৰে চোৱাটো উচিত আৰু শুদ্ধ নহয়। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল আৰু কঠোৰ ৰাষ্ট্ৰীয়তাবাদী আছিল। Marxist আৰু Leninist আদৰ্শত বিশ্বাসী সকলেহে ছাভাৰকাৰক ফেচিবাদী কয়...,"  সিঙে কয়। তেওঁ কয় যে ছাভাৰকাৰক লৈ থকা ঘৃণা অযুক্তিকৰ, অবান্তৰ।

“ছাভাৰকাৰক লৈ বহু মিছা প্ৰচাৰ চলি আহিছে। বহু সময়ত কোৱা হৈছে যে তেওঁ জেলৰ পৰা মুক্তি বিচাৰি ব্ৰিটিশলৈ কেবাখনো ক্ষমাদান পত্ৰ লিখিছিল। মহাত্মা গান্ধীৰ কথামতেহে তেওঁ সেই পত্ৰবোৰ লিখিছিল…," প্ৰতিৰক্ষা মন্ত্ৰীজনে কয়। তেওঁ লগতে কয়, “হিন্দু" তেওঁৰ কাৰণে কোনো ধৰ্ম নাছিল সেয়া আছিল ভাৰতৰ ভৌগলিক আৰু ৰাজনৈতিক পৰিচয়ৰে সংপৃক্ত এক ধাৰণা।
First published: October 13, 2021, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি