Reliance New Energy Solar to invest $29 million in Germany's NexWafe: জাৰ্মানীৰ চ’লাৰ পেনেল উৎপাদনকাৰী সংস্থা নেক্সৱেফে মঙলবাৰে জনায় ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেডে ২.৯ কোটি ডলাৰ বিনিয়োগ কৰিছে।
Reliance New Energy Solar to invest $29 million in Germany's NexWafe: জাৰ্মানীৰ চ’লাৰ পেনেল উৎপাদনকাৰী সংস্থা নেক্সৱেফে মঙলবাৰে জনায় ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেডে ২.৯ কোটি ডলাৰ বিনিয়োগ কৰিছে।
নতুন দিল্লী: জার্মানীৰ (Germany) চ’লাৰ পেনেল (Solar Panels) প্ৰস্তুত কাৰী সংস্থা নেক্সৱেফত (NexWafe) প্ৰায় ২.৯ কোটি ডলাৰ বিনিয়োগ কৰিছে ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেডে (Reliance New Energy Solar Limited)। জাৰ্মানীৰ এই কোম্পানীয়ে চ’লাৰ পেনেল তথা চিলিকন ৱেফাৰ (Silicon Wafers) প্ৰস্তুত কৰে ।
মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ (Reliance Industries) নিজস্ব অধীন কোম্পানী হৈছে- ৰিলায়েন্স নিউ এনার্জী চ’লাৰ লিমিটেড। নেক্সৱেফৰ প্রডাক্ট তথা প্ৰযুক্তিৰ উন্নতিৰ কাৰণে ৰিলায়েন্সে এই বিনিয়োগ কৰিছে। ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্টৰ (India Strategic Partnership Agreement) অধীনত ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ তথা জাৰ্মানীৰ নেক্সৱেফে যৌথভাৱে বিভিন্ন ধৰণৰ কাম কৰিব। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে টেকন’লজিৰ উন্নতি তথা কমাৰ্চিয়েলাইজেশ্যন তথা হাই এফিচিয়েন্সি মন’ক্ৰিষ্টালাইন গ্ৰীণ চ’লাৰ ৱেফাৰ (High Efficiency Mono-crystalline Green Solar Wafers) তৈয়াৰ কৰা।
ৰিলায়েন্সৰ তৰফৰ পৰা জার্মানীৰ নেক্সৱেফৰ সৈতে এই চুক্তিৰ অন্যতম কাৰণ হৈছে–চ’লাৰ পেনেল তথা চিলিকন ৱেফাৰ তৈয়াৰ কৰাৰ ব্যৱসায় ক্ষেত্ৰত নিজৰ দখল মজবুত কৰা। ইয়াৰ জৰিয়তে ভাৰতে নেক্সৱেফৰ উন্নত প্ৰযুক্তিৰ সহায়ত বিশাল মাত্ৰাত পেনেল তথা চিলিকন ৱেফাৰ প্ৰস্তুত কৰা ব্যৱসায় আগবঢ়াই নিবলৈ বিচাৰে। ইয়াৰ ফলত ভাৰতত অন্যান্য দেশত তৈয়াৰ কৰা চ’লাৰ পেনেলৰ আধিপত্য কিছু হ’লেও কমিব। ভাৰতত বৰ্তমান এই ব্যৱসায়ত চীনে একচেটীয়া বিস্তাৰ কৰি ৰাখিছে। কিন্তু ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেড তথা নেক্সৱেফৰ এই চুক্তিয়ে দৃশ্যপট সলনি কৰি দিব পাৰে।