দেশৰ কনিষ্ঠতম ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা হ'ল ৰেম্পত খোজ দিয়া প্ৰথমজন সাংসদ। ৰাঘৱ চাড্ডাই লেকমি ফেশ্বন সপ্তাহত শ্ব' টপাৰ হিচাপে কেটৱাক কৰিছে। ৰাঘৱ চাড্ডাই বাৰ্গাণ্ডি কালাৰৰ হাইনেকৰ ওপৰত এটা ব্লেক লেডাৰ জেকেট আৰু পেণ্ট পৰিধান কৰিছিল। এই পোছাকেৰে অত্যন্ত আকৰ্ষণীয় লুকছত নিজক তুলি ধৰিছিল নেতাজনে।
দেশৰ কনিষ্ঠতম ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা হ'ল ৰেম্পত খোজ দিয়া প্ৰথমজন সাংসদ। ৰাঘৱ চাড্ডাই লেকমি ফেশ্বন সপ্তাহত শ্ব' টপাৰ হিচাপে কেটৱাক কৰিছে। ৰাঘৱ চাড্ডাই বাৰ্গাণ্ডি কালাৰৰ হাইনেকৰ ওপৰত এটা ব্লেক লেডাৰ জেকেট আৰু পেণ্ট পৰিধান কৰিছিল। এই পোছাকেৰে অত্যন্ত আকৰ্ষণীয় লুকছত নিজক তুলি ধৰিছিল নেতাজনে।
অলপতে দেশৰ সৰ্বকনিষ্ঠ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ৰাঘৱ চাড্ডা(MP Raghav Chadha)। তেওঁক আম আদমী পাৰ্টি (AAP)ৰ তৰফৰ পৰা ৰাজ্যসভা (Rajyasabha)লৈ পঠিওৱা হৈছে। ৰাঘৱ চাড্ডা কেৱল ৩৩ বছৰীয়া। ৰাঘৱ অতি শিক্ষিত, স্মাৰ্ট আৰু দেখাত এজন সুদৰ্শন যুৱ নেতা। ৰাঘৱ চাড্ডাৰ সৌন্দৰ্য আৰু স্মাৰ্টনেছৰ লগত আৰু এটা বস্তুৰ সংযোগ ঘটিল। ৰাঘৱ চাড্ডাই লেকমি ফেশ্বন উইকৰ ৰেম্পত শ্ব' টপাৰ হোৱা সম্ভৱতঃ প্ৰথমগৰাকী ৰাজনৈতিক নেতা হিচাপে পৰিচিত হ'ল। ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও এবাৰ ৰেম্পত খোজ পেলাইছিল, কিন্তু তেওঁ শ্ব' টপাৰ নাছিল। ৰাঘৱ চাড্ডাই এই ক্ষেত্ৰত শেষ বাজি মাৰিবলৈ সক্ষম হয়।
ৰাঘৱ চাড্ডাই লেকমি ফেশ্বন সপ্তাহত ডিজাইনাৰ পৱন সচদেৱিয়ে প্ৰস্তুত কৰা পোছাক পিন্ধি ৰেম্পত খোজ পেলাইছিল। তেওঁৰ সৈতে, অভিনেতা অপাৰশক্তি খুৰানাও আছিল। ৰাঘৱ চাড্ডাই এটা ব্লেক লেডাৰ জেকেট আৰু পেণ্ট পৰিধান কৰি ৰেম্পত উঠিছিল। ব্লেক লেডাৰ জেকেটৰ সৈতে বাৰ্গাণ্ডি হাই নেকেৰে তেওঁক অত্যন্ত আকৰ্ষণীয় লুকছত দেখা গৈছিল।
ছচিয়েল মিডিয়াত চাড্ডাৰ ৰেম্প ৱাক-
ৰাঘৱ চাড্ডাই ৰেম্পত অংশগ্ৰহণ কৰাৰ পিছত, তেওঁৰ ফটো আৰু ভিডিঅ'বোৰ অনুৰাগীসকলে ছচিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰে। ইয়াত ৰাঘৱ চাড্ডাক ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছে। ৰাঘৱ চাড্ডা হৈছে পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিক বিশাল বিজয়ৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অন্যতম ব্য়ক্তি । ইমান কম বয়সতে তেওঁ এজন সফল নেতা হৈ পৰিছে। তেওঁৰ বহুতো প্ৰতিভাৰ ভিতৰত সকলোৰে সন্মুখত তেওঁৰ আন এটা প্ৰতিভাৰো বহিঃপ্ৰকাশ ঘটে।
ৰাঘৱ পেছাত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট, কিন্তু কেজৰিৱালৰ ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত হৈ, তেওঁ ২৬ বছৰ বয়সত আপৰ কোষাধ্যক্ষৰ দৰে এক গধূৰ দায়িত্বৰ বাবে নিৰ্বাচিত হৈছিল। ৰাঘৱ চাড্ডাক কেজৰিৱালৰ যথেষ্ট ঘনিষ্ঠ বুলি গণ্য কৰা হয়। ২০২০ চনত, ৰাঘৱ চাড্ডা দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁক দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|