ঠিকনা সলনি হ'ব প্ৰধানমন্ত্ৰীৰ! মহামাৰীৰ মাজতে ৰাজধানীত পূৰ্ণগতিত নির্মাণ হৈ আছে প্রধানমন্ত্ৰীৰ নতুন বাসগৃহ... 

News18 Assam | News18-Assam
Updated:May 5, 2021, 9:18 AM IST
ঠিকনা সলনি হ'ব প্ৰধানমন্ত্ৰীৰ! মহামাৰীৰ মাজতে ৰাজধানীত পূৰ্ণগতিত নির্মাণ হৈ আছে প্রধানমন্ত্ৰীৰ নতুন বাসগৃহ... 
২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে লাভ কৰিব নতুন ঠিকনা । Covid-19 মহামাৰীয়ে নতুন দিল্লীত ভয়ংকৰ ৰূপ ধাৰণ কৰি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ সময়তে সান্ধ্য আইনৰ মাজতো পূৰ্ণ গতিত চলি আছে প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণৰ কাম ।

  • Share this:
২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে লাভ কৰিব নতুন ঠিকনা । Covid-19 মহামাৰীয়ে নতুন দিল্লীত ভয়ংকৰ ৰূপ ধাৰণ কৰি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ সময়তে সান্ধ্য আইনৰ মাজতো পূৰ্ণ গতিত চলি আছে প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণৰ কাম । যদিও দিল্লীত অন্য সকলো নির্মাণ কাৰ্য বন্ধ হৈ আছে; এই নিৰ্মাণ কার্যক Essential Service হিচাপে গণ্য কৰি আগবঢ়াই লৈ যোৱা হৈছে ।

এই নিৰ্মাণ কাৰ্যৰ Nodal Agency Central Public Work Department চমুকৈ CPWDয়ে জনোৱা মতে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আৰু উপৰাষ্ট্ৰপতিৰ বাসগৃহ নির্মাণৰ কাৰণে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ৰ তৰফৰ  প্ৰয়োজনীয় অনুমোদন লাভ কৰা হৈছে । নতুন সংসদ ভৱন নির্মাণৰ কাৰণে পূৰ্বতেই এই অনুমোদন লাভ কৰা হৈছে । বৰ্তমানৰ South Blockৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিক পাছফালে নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰীৰ বাসগৃহ। আনহাতে North Blockৰ বর্তমানৰ বিত্ত মন্ত্ৰণালয়ৰ সমীপত নিৰ্মাণ হ’ব উপৰাষ্ট্ৰপতিৰ বাসগৃহ ।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ বাসগৃহ আৰু Special Protection Group (SPG) কাৰ্যালয় ভৱনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ’ব ২০২২চনৰ ডিচেম্বৰ মাহত । সংসদ ভৱনৰ নির্মাণ কাৰ্য সমাপ্ত হ’ব একে বছৰৰ নৱেম্বৰ মাহত আৰু উপৰাষ্ট্ৰপতিৰ বাসগৃহ নিৰ্মাণ হৈ উঠিব ২০২২চনৰ মে’ মাহত । গোটেই প্ৰকল্পটোৰ কাৰণে ৰাজকোষৰ ধন ব্যয় হ’ব ১৩,৫০০কোটি টকা । উচ্চতম ন্যায়ালয়েও এই নিৰ্মাণ কাৰ্যত সেউজ সংকেত প্ৰদান কৰিছে ।

বৰ্তমান প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈছে ৭, লোক কল্যাণ মাৰ্গ । পূৰ্বতে এই ৰাস্তাৰ নাম আছিল ৰেচ কোৰ্ছ ৰোড । প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ৰ পৰা এই স্থান প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈ আছে ।
Published by: Kokil Sarma
First published: May 5, 2021, 9:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি