• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • দেউতাকে জীয়ৰিক উপহাৰ হিচাপে দিলে স্কুটী, এনেকুৱা নম্বৰপ্লেট পালে যে ৰাস্তাত ওলালেই হাৰাশাস্তিৰ সন্মুখীন হয় যুৱতী

দেউতাকে জীয়ৰিক উপহাৰ হিচাপে দিলে স্কুটী, এনেকুৱা নম্বৰপ্লেট পালে যে ৰাস্তাত ওলালেই হাৰাশাস্তিৰ সন্মুখীন হয় যুৱতী

দিল্লীত এখন স্কুটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ (registration number) DL3 SEX**** পাইছে আৱেদনকৰ্তাই। যুৱতীগৰাকীয়ে লগাই চলালেই ওচৰে–পাজৰে থকা মহিলা আৰু গলিৰ ল’ৰাই টিটকাৰী মাৰি হাৰাশাস্তি কৰে। নানান ধৰণৰ কমেণ্টে ছোৱালীজনীক ব্যতিব্যস্ত কৰি তোলে। স্কুটীখনৰ নম্বৰত ‘SEX’ থকাৰ কাৰণে এতিয়া যুৱতীগৰাকী বা পৰিয়ালৰ মানুহে আনকি ৰাস্তাত খোজ কাঢ়ি গ’লেও মানুহে কমেণ্টছ পাচ কৰি মগজু নষ্ট কৰি দিয়ে।

  • Share this:
নতুন দিল্লীঃ সাধাৰণতে মানুহৰ কাৰণে গাড়ীৰ নম্বৰে কোনো গুৰুত্ব নাপায় যদিও বহুতে পইচা ঢালি পচন্দৰ নম্বৰ বা ভিআইপি নম্বৰ লয়। ইয়াৰ অন্যথা ছফটৱেৰত নম্বৰ নিজেই আৱণ্টিত হয়। কিন্তু আপুনি এনে ঘটনা শুনিছেনে য’ত আৰটিঅ’ই কেতিয়াবা এনে নম্বৰ কাৰোবাৰ বাহনৰ কাৰণে দিছে যিটোৰ কাৰণে গাড়ীখন ৰাস্তাত চলোৱাই টান পৰে। এনে ধৰণৰ এক আজৱ ঘটনা ঘটিছে দিল্লীত।

দিল্লীত থকা যুৱতী এগৰাকীয়ে দৈনিক কামলৈ যাবলৈ বাছ, মেট্ৰ’ বা অট’ত অহা যোৱা কৰিবলগীয়া হোৱাত যথেষ্ট সময় নষ্ট হৈছিল। সেইকাৰণে যুৱতীগৰাকীয়ে পিতৃক এখন স্কুটী খোজে, এবছৰৰ অপেক্ষাৰ পিচত পিতৃয়ে স্কুটীখন দিয়ে যোৱা দীপাৱলীত। প্ৰথমে অস্থায়ী নম্বৰত কন্যাই মহা ফূৰ্তিৰে স্কুটীৰে অফিচলৈ অহা–যোৱা কৰিবলৈ লয়। কিন্তু যেতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহে পৰিয়ালটো অস্বস্তিত পৰে। নম্বৰত থকা এলফাবেটছৰ কাৰণে প্লেটখন যুৱতীগৰাকীয়ে লগাবই খোজা নাছিল কিন্তু ১৫দিনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন নম্বৰ লগোৱাটো বাধ্যতামূলক সেয়ে বাধ্যত পৰি যুৱতীগৰাকীয়ে প্লেটখন লগায় আৰু হাৰাশাস্তিৰ সন্মুখীন হয়।

যুৱতীগৰাকীয়ে স্কুটীখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ (registration number) DL3 SEX**** পায়। এই প্লেট লগোৱা স্কুটীখন যুৱতীগৰাকীয়ে চলালেই ওচৰে–পাজৰে থকা মহিলা আৰু গলিৰ ল’ৰাই টিটকাৰী মাৰি হাৰাশাস্তি কৰে। নানান ধৰণৰ কমেণ্টে ছোৱালীজনীক ব্যতিব্যস্ত কৰি তোলে। স্কুটীখনৰ নম্বৰত ‘SEX’ থকাৰ কাৰণে এতিয়া যুৱতীগৰাকী বা পৰিয়ালৰ মানুহে আনকি ৰাস্তাত খোজ কাঢ়ি গ’লেও মানুহে কমেণ্টছ পাচ কৰি মগজু নষ্ট কৰি দিয়ে। বাধ্যত পৰি যুৱতীগৰাকীয়ে এতিয়া স্কুটী চলোৱা বন্ধ কৰি বাছ–মেট্ৰ’–অট’ত আগৰ দৰে অফিচলৈ অহা–যোৱা কৰিবলগীয়া হৈছে।

RTO–এ এই সন্দৰ্ভত সমাধান সূত্ৰ আগবঢ়াইছে। আৰটিঅ’ বিষয়া বিশ্বজিত প্ৰতাপ সিঙে কয় যে কম্পিউটাৰে আৱণ্টন দিয়া নম্বৰ গতিকে ইয়াক সলাব নোৱাৰি কিন্তু স্কুটীখনৰ এনঅ’চি যদি দিল্লীৰ আশে–পাশে কোনো চহৰৰ ল’ব পাৰে আৰু তাত ৰেজিষ্ট্ৰেশ্যন কৰায় তেতিয়া নতুন নম্বৰ পাব পাৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
First published: