দেশৰ সৰ্ববৃহৎ ই-ৱালেট কোম্পানী পেটিএমে (Paytm) আনিছে ভাল খবৰ। ভেকচিন বিচাৰি হায়ৰাণ হোৱা লোকসকলৰ বাবে সহায় হৈ থিয় দিছে প্ৰতিষ্ঠানটো।
দেশৰ সৰ্ববৃহৎ ই-ৱালেট কোম্পানী পেটিএমে (Paytm) আনিছে ভাল খবৰ। ভেকচিন বিচাৰি হায়ৰাণ হোৱা লোকসকলৰ বাবে সহায় হৈ থিয় দিছে প্ৰতিষ্ঠানটো।
কোৰোণাৰ দ্বিতীয় ঢৌৰ সমান্তৰালকৈ দেশত অব্যাহত আছে টিকাকৰণ অভিযান (Vaccination programme)। প্ৰায় ১৩০ কোটি জনতাৰ জনবহুল দেশ ভাৰতবৰ্ষত বৰ্তমানেও অধিকাংশ লোকেই লাভ কৰা নাই কোভিড ভেকচিন। বিশেষকৈ প্ৰথমাৱস্থাত ৪৫ উৰ্ধ্বৰ লোকসকলক ভেকচিন প্ৰদান কৰা হৈছিল যদিও যোৱা মাহৰ পৰা ১৮ বছৰ উৰ্ধ্বৰ বাবেও মুকলি কৰা হৈছিল ভেকচিন। অৱশ্যে ১৮ উৰ্ধ্বৰ লোকসকলৰ ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত আহি পৰিছে বহু জটিলতা। ভেকচিনৰ বাবে শ্ল'ট বুকিং নোহোৱাতো অথবা শেষ হৈ যোৱাটো আছিল ১৮ উৰ্ধ্বৰ লোকসকলৰ প্ৰধান সমস্যা।
ভেকচিন গ্ৰহণৰ বাবে দেখা দিয়া এনে কেতবোৰ প্ৰতিবন্ধকতাৰ মাজতে দেশৰ সৰ্ববৃহৎ ই-ৱালেট কোম্পানী পেটিএমে (Paytm) আনিছে ভাল খবৰ। ভেকচিন বিচাৰি হায়ৰাণ হোৱা লোকসকলৰ বাবে সহায় হৈ থিয় দিছে প্ৰতিষ্ঠানটো। সোমবাৰে কোম্পানীটোৱে কৈছিল - ইয়াৰ ব্যৱহাৰকাৰীসকলে এতিয়া এই পেটিএম এপৰ জৰিয়তে টিকাকৰণ শ্লট বুকিং কৰিব পাৰিব।
কোম্পানীটোৱে এটা বিবৃতিত উল্লেখ কৰে যে - 'পেটিএম ব্যৱহাৰকাৰীসকলে এতিয়া পেটিএম এপৰ জৰিয়তে তেওঁলোকৰ নিকটতম কেন্দ্ৰত ভেকচিনৰ বাবে শ্লট অনুসন্ধান আৰু বুক কৰিব পাৰে। এই সেৱাই ভাৰতীয়সকলক ভেকচিন গ্ৰহণ কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাপ্ত কৰিবলৈ সহজে শ্লট বুক কৰাত সহায় কৰিব। ই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক ৰূপে বিবেচিত হ'ব।'
বহু কোম্পানীয়ে ভেকচিনৰ বাবে বুকিং সেৱাৰ অনুমোদন বিচাৰিছে
কউইনৰ মুৰব্বী আৰ এছ শৰ্মাই শেহতীয়াকৈ কৈছিল যে পেটিএম, মেক মাই ট্ৰিপ আৰু ইনফোচিছৰ দৰে গুৰুত্বপূৰ্ণ ডিজিটেল কোম্পানীকে ধৰি এক ডজনৰো অধিক কোম্পানীয়ে ভেকচিনৰ বাবে বুকিং সেৱা প্ৰদান কৰিবলৈ অনুমোদন বিচাৰিছে। চৰকাৰে যোৱা মাহত কউইনক তৃতীয় পক্ষৰ এপৰ সৈতে সংযোগ কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছিল, যাৰ ফলত ডিজিটেল এপৰ বাবে এনে সুবিধাৰ পথ প্ৰশস্ত হৈছিল।
মে' মাহৰ আৰম্ভণিতে পেটিএমে ইয়াৰ এপত 'ভেকচিন ফাউণ্ডাৰ' সুবিধা মুকলি কৰিছিল যাতে ব্যৱহাৰকাৰীসকলক ভেকচিনৰ বাবে শ্লট বিচাৰি পোৱাত সহায় কৰে। পেটিএমৰ এজন বিষয়াই কয় যে, 'আমি ভাৰতক এই মহামাৰীৰ পৰা মুক্তি কৰি দিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সহায় আগবঢ়োৱাৰ যত্ন কৰি আছো। আমাৰ 'ভেকচিন ফাউণ্ডাৰে’ নাগৰিকসকলক সহজে শ্লট বুক কৰাত আৰু নিকটতম কেন্দ্ৰসমূহত টিকাকৰণ কৰাত সহায় কৰিব।'
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|