আজি চলি আছে দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান সন্ধিয়া ৫:৩০ বজাত শেষ হ’ব। খবৰ অনুসৰি, বিয়লি ৪ বজালৈকে ৪৫ শতাংশ ভোটাৰে ভোটদান সম্পূৰ্ণ কৰিছে। বুধবাৰে প্ৰকাশ পাব ফলাফল। উল্লেখযোগ্য যে, ২৫০ খন পৌৰ নিগমৰ আসনৰ বাবে সৰ্বমুঠ ১.৪৫ কোটি ভোটাৰে ভাগ্য নিৰূপণ কৰিব ১৩৪৯ প্ৰাৰ্থীৰ। দিল্লীত তিনিটা নিগম একেলগ কৰাৰ পিছত প্ৰথম বাৰৰ কাৰণে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। মুখ্যত যুঁজখন বিজেপি আৰু আপৰ মাজত হোৱা দেখা গৈছে।
মহানগৰীৰ শাসকীয় আম আদমী পাৰ্টি, বৰ্তমান এমচিডি নিয়ন্ত্ৰণ কৰা বিজেপি - আৰু কংগ্ৰেছৰ মাজত চলি থকা ত্ৰিমুখী যুঁজত 'জাৱৰ সংগ্ৰহ' আৰু 'লেণ্ডফিল' আটাইতকৈ ডাঙৰ বিষয় হিচাপে পৰিগণিত হৈছে।
সমগ্ৰ দিল্লী মহানগৰীৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে এনডিটিভিক অভিযোগ কৰে যে নিৰ্বাচনী তালিকাত তেওঁলোকৰ নাম নোহোৱাত ভোট দিব নোৱাৰিলে। আন কিছুমানে কেইবাবাৰো বিভিন্ন ভোট কেন্দ্ৰলৈ নিৰ্দেশিত হোৱাত হতাশা প্ৰকাশ কৰে।
যদিও ২৪ বছৰে দিল্লীত বিজেপিয়ে কোনো বিধানসভা নিৰ্বাচনত জয়ী হোৱা নাই তথাপি ১৫ বছৰ ধৰি দলটোৱে এমচিডিক ধৰি ৰাখিবলৈ সক্ষম হৈছে।
২০১৫ চনৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬৭খন আসনৰ অভিলেখ সৃষ্টি কৰাৰ পাছতো বিজেপিয়ে দুবছৰৰ পাছত ২৭২খন আসনৰ ভিতৰত ১৮১খন আসন লাভ কৰি নিগমত স্থান অক্ষুণ্ণ ৰাখিলে। আপ ৪৮ আৰু কংগ্ৰেছে ৩০ ৰ সৈতে তৃতীয় স্থান লাভ কৰে।
এইবাৰ বিজেপিয়ে আপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰিও দলৰ মুৰব্বী জে পি নাড্ডা আৰু হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰীক প্ৰচাৰ চলাবলৈ দিয়া দেখা যায়।
অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপে কয় যে বিজেপিয়ে মহানগৰীৰ অনাময় সংকটৰ সৈতে মোকাবিলা কৰাত আৰু বৃদ্ধি পোৱা লেণ্ডফিলৰ মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
যোৱা দুমাহত সমান্তৰালভাৱে চলি থকা তিনিখন নিৰ্বাচনী যুঁজৰ ভিতৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অন্যতম - বাকীবোৰ হ’ল হিমাচল প্ৰদেশ আৰু প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটত বিধানসভা নিৰ্বাচন, য’ত বিজেপিও ক্ষমতাত আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|