ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা মৰমলগা ভিডিঅ’। এগৰাকী কণমানিয়ে যাত্ৰা কৰা বিমানৰ পাইলটৰ ৰূপত নিজৰ পিতৃক দেখি আনন্দত ৰ’ব নোৱাৰা হৈ পৰিছে। কণমানিজনীৰ প্ৰতিক্ৰিয়াক সকলোৱে আদৰ সনা মন্তব্যৰে উপচাই পেলাইছে। কণমানিজনীক চানায়া মতিহাৰ হিচাপে চিনাক্ত কৰা হৈছে। ভিডিওটো চানায়াৰ নামত মাতৃ প্ৰিয়ংকাই চলোৱা এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে আৰু এইপৰ্যন্ত ভিডিঅ’টোৱে ১০৩ হাজাৰ লাইক আৰু ৮৬৪ হাজাৰৰো অধিক ভিউজ পাইছে।
ভিডিঅ’টোত দেখা গৈছে কণমানিজনীয়ে বিমানৰ ছীটত আওজি আছে আৰু পিতৃ পুনিত মতিহাৰক পাইলটৰ ৰূপত দেখি চিঞৰি উঠিছে আনন্দত। পিতৃক দেখি চানায়াই ডাঙৰকৈ কৈ উঠিছে, “Papa”। উত্তৰত পিতৃয়ে হাত জোকাৰি কন্যাক দেখুৱাইছে। এই ক্লিপটো চানায়াৰ মাতৃয়ে ৰেকৰ্ড কৰে। “মোৰ এইপৰ্যন্ত শ্ৰেষ্ঠ বিমান যাত্ৰা। মই পাপাক বহুত ভালপাওঁ, মোৰ বেষ্ট ফ্ৰেইণ্ড হয় পাপা। মায়ে যেতিয়া ক’লে যে পাপাই আমাক উৰুৱাই নিব মই বৰ উৎসাহী হৈ পৰিলো।” ভিডিঅ’টোৰ কেপচনত আছিল।
চাওক ভিডিঅ’টোঃ
ভিডিঅ’টো চোৱাৰ পিছত কণমানি চানায়াক মৰমেৰে উপচাই পেলাইছে সকলোৱে।
আপুনি চালেনে ভিডিঅ’টো?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|