உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • Indian Railways| কিয় ৰে’লৰ একেবাৰে পিছফালে কিয় এটা ডাঙৰ 'X' চিহ্ন থাকে? কাৰণটো জানিলে আপুনি আচৰিত হ'ব!

    Indian Railways| কিয় ৰে’লৰ একেবাৰে পিছফালে কিয় এটা ডাঙৰ 'X' চিহ্ন থাকে? কাৰণটো জানিলে আপুনি আচৰিত হ'ব!

    এই প্ৰতিবেদনৰ পৰা সবিশেষ জানক।

    এই প্ৰতিবেদনৰ পৰা সবিশেষ জানক।

    এই প্ৰতিবেদনৰ পৰা সবিশেষ জানক।

    • Share this:
    ৰে’ল যাত্ৰাত সদায় আকৰ্ষণীয়, নহয় নে? দীঘলীয়া দূৰত্বৰ ৰে’লত যাত্ৰা কৰোঁতে আপুনি বিশাল প্ৰকৃতিয়েই কেৱল উপভোগ নকৰে, আপুনি যদি এবাৰ হ’লেও মন কৰিছে তেন্তে ৰে’লখনৰ ভিতৰত আৰু বাহিৰত কেইবাটাও চিহ্নও নিশ্চয় দেখা পাই আহিছে। বেছিভাগ মানুহে সেই চিহ্নবোৰৰ অৰ্থ নাজানে। আপুনি ৰে’লত ভ্ৰমণ কৰক বা নকৰক, আপুনি ৰে’লখনৰ অন্তিম ডবাটোৰ পিছফালে 'X' (এক্স) চিহ্ন বা ক্ৰছ চিহ্নটো দেখা পাবই। যদি আপুনি এতিয়ালৈকে ৰে’লৰ বাহিৰলৈ মন কৰা নাই তেনেহ’লে অহাবাৰ ৰে’ল ষ্টেচনলৈ যাওঁতে ভালকৈ চাব।

    যিসকলে এই চিহ্নটো মন কৰিছে আৰু তাৰ আঁৰৰ কাৰণ জানিবলৈ কৌতুহলী তেওঁৰ কাৰণে এই প্ৰতিবেদন। এই ‘X’ (এক্স) সাধাৰণতে ভাৰতত যাত্ৰীবাহী ৰে’লৰ অন্তিম ডবাৰ পিছফালে উজ্জ্বল হালধীয়া বা বগা ৰঙেৰে অংকিত কৰা হয়। যদি আপুনি ভালদৰে চায় তেনেহ’লে দেখা পাব যে ক্ৰছ মাৰ্কৰ সৈতে এলভি (LV) আখৰটো আছে। এলভি শব্দটো অন্তিম খন বাহন বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হালধীয়াৰ ওপৰত ক'লা ৰঙত হাইলাইট কৰা এটা সৰু বোৰ্ড চিহ্ন যিসাধাৰণতে ৰে’লৰ পিছফালে লগোৱা হয়। এক্স বৰ্ণৰ ঠিক তলত এটা ৰঙা পোহৰ থাকে যিটো হাইলাইটৰ বাবে গুৰুত্বপূৰ্ণ।

    কিন্তু এইটো ৰে’লৰ পিছফালেহে কিয় লিখা থাকে? আৰু শেষৰ ডবাটোতে কিয়? এইটো অন্তিম ডবাত কিয় লিখা হয় তাৰ আঁৰত এটা গুৰুত্বপূৰ্ণ কাৰণ আছে। দুৰ্ঘটনাৰ পৰা সুৰক্ষা পাবলৈ সতৰ্কবাণী দিবলৈ ৰে’ল এখনৰ অন্তিম ৱাগনত এই এক্স চিহ্নটো লিখা হয়। একে সময়তে সংশ্লিষ্ট চিহ্নটোৱে ৰে’লখনৰ অন্তিমটো কম্পাৰ্টমেণ্ট চিনাক্ত কৰাটো সহায় কৰে। আকৌ যদি এক্স মাৰ্ক থকা বাকচটো ৰে’লৰ পিছফালে নাথাকে তেতিয়া ৰে’লখন যে জৰুৰী অৱস্থাত আছে সেয়া কৰ্মচাৰীসকলক সেই চিহ্নটোৱে বুজাত সহায় কৰে। সেই পৰিপ্ৰেক্ষিতত যদি নিৰ্দিষ্ট কোচটো ৰেলৰ পৰা বিচ্ছিন্ন হয় দুৰ্ঘটনা হোৱাৰ আশংকা থাকে।

    কেৱল সেয়াই নহয়, ৰে'লৱে ক্ৰছিঙত সেউজীয়া পতাকা প্ৰদৰ্শনৰ বাবে দায়বদ্ধ গাৰ্ডজনে এক্স চিহ্নৰ দ্বাৰা নিশ্চিত হয় যে ৰে’লখনৰ সকলো ডবা একেলগে আছে। যেতিয়া চিহ্নটো নিশাৰ আন্ধাৰত বেছি দেখা নাযায়, চিহ্নৰ তলৰ ৰঙা পোহৰে ৰে’লখনৰ অন্তিম ডবা নিৰ্ধাৰণ কৰাত সহায় কৰে। তেনে ক্ষেত্ৰত, যেতিয়া সেই চিহ্ন আৰু পোহৰ প্ৰাকৃতিকভাৱে দৃশ্যমান নহয়, ৰেলখন সমস্যাত আছে বুলি কোৱা হয়। তেওঁলোকে তেতিয়া ৰে’ল কৰ্মচাৰী আৰু কৰ্তৃপক্ষক দুৰ্ঘটনাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। গতিকে সেই গুৰুত্বপূৰ্ণ চিহ্নটোৱে যাত্ৰীসকলক যিকোনো মাৰাত্মক ঘটনা বা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে!
    First published: