உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • Cryptocurrencyত ধন বিনিয়োগ কৰি কোটিপতি হ'ব পাৰে ভাৰতীয় মহিলাসকল ! জানক ইয়াৰ কাৰণ ...

    Cryptocurrencyত ধন বিনিয়োগ কৰি কোটিপতি হ'ব পাৰে ভাৰতীয় মহিলাসকল ! জানক ইয়াৰ কাৰণ ...

    ভাৰতত Cryptocurrencyক লৈ বৃদ্ধি পাইছে আগ্ৰহ । এতিয়া কেৱল পুৰুষেই নহয়, মহিলাসকলেও Cryptoবজাৰৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈছে ।

    ভাৰতত Cryptocurrencyক লৈ বৃদ্ধি পাইছে আগ্ৰহ । এতিয়া কেৱল পুৰুষেই নহয়, মহিলাসকলেও Cryptoবজাৰৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈছে ।

    ভাৰতত Cryptocurrencyক লৈ বৃদ্ধি পাইছে আগ্ৰহ । এতিয়া কেৱল পুৰুষেই নহয়, মহিলাসকলেও Cryptoবজাৰৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈছে ।

    • Share this:
    শেহতীয়াকৈ ভাৰতত Cryptocurrencyক লৈ বৃদ্ধি পাইছে সকলোৰে আগ্ৰহ। এতিয়া কেৱল পুৰুষেই নহয়, মহিলাসকলেও Crypto বজাৰৰ প্ৰতি যথেষ্ট আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে । বহু সংখ্যক ভাৰতীয় মহিলাই বিশ্বাস কৰে যে বিত্তীয় স্বতন্ত্ৰতা তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

    কইনচুইটচ কুবাৰ(CoinSwitch Kuber)ৰ এক প্ৰতিবেদন অনুসৰি, Cryptocurrencyক লৈ মহিলাসকল আগ্ৰহী হোৱাৰ লগতে মহিলাসকলে Crypto বজাৰত সফল হ'ব পাৰে।

    মহিলাসকল কিয় ভাল ক্ৰিপ্টো বিনিয়োগকাৰী -

    বজাৰ বিশেষজ্ঞসকলৰ মতে, দুটা পৃথক কাৰকে মহিলাসকলক ভাল Crypto বিনিয়োগকাৰী কৰি তোলে।
    প্ৰথমতে, মহিলাসকল সঞ্চয়কৰ্তা। ফিডেলিটি ইনভেষ্টমেণ্টছৰ এক অধ্যয়নত দেখুওৱা হৈছে যে মহিলাসকলে তেওঁলোকৰ উপাৰ্জনৰ প্ৰায় ৮.৩% সঞ্চয়ত কৰে । আনহাতে পুৰুষে তেওঁলোকৰ উপাৰ্জনৰ মাত্ৰ ৭.৯ % ৰাহি কৰে। অধিক সঞ্চয়ৰ অৰ্থ হৈছে Cryptocurrencyৰ দৰে উচ্চ-লাভজনক সম্পদত নিজৰ বিনিয়োগত বৈচিত্ৰতা আনিবলৈ অধিক ক্ষমতা আছে মহিলাসকলৰ ।

    দ্বিতীয়তে, মহিলাসকল হৈছে অধিক সফল বিনিয়োগকাৰী। মহিলাসকলে প্ৰায় সকলোতে বিপদাশংকাৰ মূল্যাংকন কৰে আৰু সেইবোৰ যিমান সম্ভৱ সৰ্বশ্ৰেষ্ঠ উপায়েৰে হ্ৰাস কৰে। মেৰিল লিঞ্চৰ এক গৱেষণা অনুসৰি, মহিলা বিনিয়োগকাৰীসকলে সম্পত্তি শ্ৰেণীত বিনিয়োগ কৰাৰ আগতে বিপদাশংকাৰ মাপ নিৰ্ধাৰণ কৰে। সেয়েহে, মহিলা বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগৰ সৈতে অধিক বিশ্লেষণাত্মক হ'ব পাৰে। Cryptoৰ দৰে অস্থিৰ বজাৰত বিনিয়োগ কৰোতে, তেওঁলোকৰ সতৰ্কতাই তেওঁলোকক সঠিক সিদ্ধান্ত ল'বলৈ অনুপ্ৰেৰিত কৰে।

    Cryptocurrencyৰ শেহতীয়া মূল্য কেনেধৰণৰ -

    যোৱা ১৮ জুনত অৰ্থাত্ শুকুৰবাৰেে Cryptocurrencyৰ মূল্য হ্ৰাস পায়। বিশ্বব্যাপী Cryptocurrency বজাৰৰ সীমা হৈছে ১.৫৭ ট্ৰিলিয়ন ডলাৰ, যি আগৰ দিনৰ তুলনাত ২.৩৯ শতাংশ কম। বিটকইনৰ মূল্য বৰ্তমান ৩৭.৪৭৩.১৬ ডলাৰ, যি আজি ০.০৫ শতাংশ হ্ৰাস হৈছে।

    উল্লেখ্য যে, ২০০৯ চনত Cryptocurrency প্ৰৱৰ্তন কৰা হৈছিল। বিটকইন হৈছে বিশ্বৰ সৰ্ববৃহৎ Cryptocurrency আৰু ইয়াৰ সৈতেই ক্ৰিপ্টোকাৰেন্সীৰ নাম আহিছিল। বিটকইন জাপানৰ সাতোশী নাকমোটো নামৰ এজন অভিযন্তাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। বিশ্বজুৰি ১০০০ তকৈও অধিক ক্ৰিপ্টোকাৰেন্সী আছে।
    First published: