চহৰৰ ৰাজপথত CCTV সংযোগ কৰাৰ ক্ষেত্ৰত চীন, ৰাছিয়া, ইংলেণ্ড, আমেৰিকা আদি দেশৰ চহৰকো চেৰ পেলালে ভাৰতৰ এখন চহৰে। Forbesৰ সমীক্ষামতে প্ৰকাশিত তালিকাত প্ৰতিবৰ্গ মাইল হিচাবত CCTV সংযোগ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজধানী নতুন দিল্লী ( New Delhi) শীৰ্ষত আছে। বিশ্বৰ মুঠ ১৫০ খন চহৰক সামৰি এই সমীক্ষা চলোৱা হৈছিল। সমীক্ষাত পোৱা তথ্য অনুসৰি তালিকাৰ প্ৰথম স্থান দখল কৰিছে দিল্লীয়ে।
ফোৰ্বছৰ (Forbes) সমীক্ষা মতে দিল্লীত প্ৰতিবৰ্গ মাইলত ১৮২৬.৬টাকৈ কেমেৰা সংযোগ কৰা হৈছে।
কেবল দিল্লী নহয় CCTV সংযোগৰ ক্ষেত্ৰত এই তালিকাত বিশ্বৰ ১০খন চহৰৰ ভিতৰত ভাৰতৰ আন এখন চহৰেও স্থান লাভ কৰিছে। প্ৰতি বৰ্গ মাইলত ৬০৯.৯টাকৈ কেমেৰা সংযোগ কৰি তালিকাৰ তৃতীয় স্থান লাভ কৰিছে তামিলনাডুৰ ৰাজধানী চেন্নাইয়ে।
উল্লেখযোগ্য যে চহৰত CCTV সংযোগৰ ক্ষেত্ৰত পূৰ্বে চীনৰ চহৰ সমুহেই তালিকাৰ শীৰ্ষ স্থানত আছিল। কিন্তু এইবছৰ চীনক প্ৰত্যাহ্বান জনাই শীৰ্ষ স্থান দখল কৰিলে দিল্লীয়ে।
চীনৰ চহৰ সমুহৰ ভিতৰত Shenzhenত ৫২০.১টা, Wuxiত ৪৭২.৭টা, Qingdaoত ৪১৫.৮টা আৰু Shanghaiত ৪০৮.৫টা CCTV সংযোগ আছে বুলি সমীক্ষাত প্ৰকাশ। তেনেক্ষেত্ৰত দিল্লী চীনৰ চহৰবোৰৰ তুলনাত বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
কেবল সেয়াই নহয় দিল্লীয়ে CCTV সংযোগৰ ক্ষেত্ৰত এইবাৰ পিছ পেলাইছে লণ্ডন ( ১,১৩৮.৫টা), ছিংগাপুৰ (৩৮৭.৬টা), নিউ ইয়ৰ্ক (১৯৩.৭টা) আৰু মস্কো (২১০টা) আদি চহৰকো।
উল্লেখযোগ্য যে Forbes ৰ এই তথ্য ওলোৱাৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Arvind Kejriwal) আনন্দিত হৈ পৰিছে। ভবিষ্যতে আৰু আধিক CCTV সংযোগৰ ওপৰত দৃষ্টি ৰখা হ'ব বুলি তেওঁ উল্লেখ কৰে।