কোৰোণাৰ ভেকচিন ল’ব পাৰিব দুগ্ধপান কৰাই থকা মাতৃসকলে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।
কিছিসময় পূৰ্বে এই নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। অৱশ্যে গৰ্ভৱতী মহিলাই প্ৰতিষেধক ল’ব পাৰিবনে নাই তাক লৈ এতিয়াও সিদ্ধান্ত হোৱা নাই। বিষয়টো এতিয়াও আলোচনা আৰু পৰীক্ষণ পৰ্যায়তে আছে।
ইয়াৰ লগতে ভেকচিন গ্ৰহণৰ সময়ৰ ব্যৱধান সম্পৰ্কতো নিৰ্দেশনা দিছে চৰকাৰে।
এতিয়াৰে পৰা কোভিড ১৯ত আক্ৰান্ত লোকে ৩ মাহ পাছতহে গ্ৰহণ কৰিব পাৰিব কোৰোণাৰ প্ৰতিষেধক।
প্ৰথম পালি প্ৰতিষেধক লোৱাৰ পিছত যদি কোৰোণাত আক্ৰান্ত হয় তেনেহ’লে আৰোগ্য হোৱাৰ দিনৰ পৰা ৩ মাহ পাছতহে দ্ৱিতীয় পালি প্ৰতিষেধক ল’ব পাৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|