সমগ্ৰ দেশত কোৰোণা মহামাৰীয়ে সংহাৰ চলাই থকাৰ মাজতে এটা ভাল খবৰ আহিছে দেশবাসীলৈ। কোৰোণাৰ ভোকচিন কোভাক্সিন(Covaxin)ৰ ফৰ্মূলা অন্য ভেকচিন নিৰ্মাতা কোম্পানীক দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ভাৰত বায়’টেকে (Bharat Biotech)।
এই বাতৰি এক আশাৰ বতৰা হৈ আহিছে সমগ্ৰ দেশৰ বাবে। কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধান অস্ত্ৰই হৈছে প্ৰতিষেধক (Vaccine) প্ৰদান। ভাৰতত এতিয়া ভাৰত বায়’টেকৰ কোভাক্সিন আৰু ছেৰাম ইনষ্টিটিউট (Serum Institute Of India)ৰ কোভিশ্বিল্ড (Covishield) প্ৰতিষেধক দুটা দি থকা হৈছে।
নিটি (NITI) আয়োগৰ সদস্য ভি কে পল(Dr. VK Paul)ৰ মন্তব্যৰে এএনআই ( ANI
)ত প্ৰকাশিত বাতৰিত এই কথা জানিব পৰা গৈছে। ডঃ পলৰ কয় যে যিসমূহ কোম্পানীয়ে এই ভেকচিন উৎপাদন কৰিবলৈ আগ্ৰহী তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে।
বিগত কেইবাদিন ধৰি বিভিন্ন মহলত এই কথা চৰ্চা হৈ আছিল যে কোৰোণাৰ প্ৰতিষেধকৰ ফৰ্মূলা অন্য কোম্পানীৰ সৈতে ভাগ-বাতোৱাৰা কৰিব লাগে যাতে প্ৰতিষেধকৰ উৎপাদন বঢ়াব পৰা যায় আৰু কম সময়ত অধিক লোকক প্ৰতিষেধক প্ৰদান কৰি মহামাৰীৰ পৰা ৰক্ষা কৰিব পৰা যায়।
উল্লেখ্য যে BSL3 প্ৰযুক্তিৰ লেবৰেটৰী থকা কোম্পানীবোৰেহে উৎপাদন কৰিব পাৰিব কোৰোণা ভেকচিন। যিবোৰ কোম্থপানীৰ এই সুবিধা আছে তেওলোকক মুকলিকৈ আবেদন কৰিবলৈ মুকলিকৈ আহ্বান জনাইছে কেন্দ্ৰই। এই ক্ষেত্ৰত কেন্দ্ৰই সকলোধৰণৰ সহযোগ কৰিব বুলিো কয় ডঃ পলে।
উদ্বেগজনক ভাৱে দেশৰ বহু ঠাইত বহু কেন্দ্ৰত প্ৰতিষেধকৰ অভাৱত কোৰোণাৰ প্ৰতিষেধক প্ৰদানৰ কাম স্থবিৰ হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰত বায়’টেকৰ এই সিদ্ধান্তই আশাৰ বতৰা দিছে সকলোকে।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 13, 2021, 23:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।