• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • আজিৰে পৰা পৰা প্ৰদান কৰা হ'ব ৰাছিয়াৰ ভেকছিন Sputnik V! এই ভেকছিনৰ বাবে Co-Winত এনেদৰে কৰিব লাগিব পঞ্জীয়ন ...

আজিৰে পৰা পৰা প্ৰদান কৰা হ'ব ৰাছিয়াৰ ভেকছিন Sputnik V! এই ভেকছিনৰ বাবে Co-Winত এনেদৰে কৰিব লাগিব পঞ্জীয়ন ...

Vaccination In India: এপ'লো হাস্পতাল আৰু ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা স্পুটনিক V টিকাৰ প্ৰথম পৰ্যায় ১৭ মে'ত হায়দৰাবাদত আৰু ১৮ মে'ত বিশাখাপত্তনম

Vaccination In India: এপ'লো হাস্পতাল আৰু ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা স্পুটনিক V টিকাৰ প্ৰথম পৰ্যায় ১৭ মে'ত হায়দৰাবাদত আৰু ১৮ মে'ত বিশাখাপত্তনম

Vaccination In India: এপ'লো হাস্পতাল আৰু ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা স্পুটনিক V টিকাৰ প্ৰথম পৰ্যায় ১৭ মে'ত হায়দৰাবাদত আৰু ১৮ মে'ত বিশাখাপত্তনম

  • Share this:
দেশত অব্যাহত আছে কোৰোণা বিৰোধী টিকাকৰণ অভিযান । ক'ভিশ্বিল্ড (Covishield) আৰু কভেক্সিনৰ (Covaxin)ৰ লগতে ৰাছিয়ান ভেকছিন স্পুটনিক V (Sputnik V) ও ক্ৰমান্বয়ে চিকিৎসালয় আৰু সাধাৰণ লোকৰ ওচৰলৈ গৈ আছে। ৰাজধানী দিল্লীৰ এপ'লো চিকিৎসালয়ৰ মধুকৰ ৰেবিনো শিশু চিকিৎসালয়ত আজি স্পুটনিক Vৰ টিকাকৰণ কৰা হ'ব। এই ভেকছিন ল'বলৈও Co-Win ৱেবছাইট, আৰোগ্য সেতু এপ আৰু উমাং এপৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব । ইয়াৰ সৈতে, স্পুটনিক V আগন্তুক সপ্তাহৰ পৰা দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'লো চিকিৎসালয়ত উপলব্ধ হোৱাৰো সম্ভাৱনা আছে ।

সুত্ৰৰ তথ্য অনুসৰি, স্পুটনিক V-ৰ ১০০০ ড'জ এপোলো চিকিৎসালয়লৈ অনা হৈছিল আৰু ইয়াৰে ১৭৯ ড'জ ডাঃ ৰেড্ডী পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছিল।

লক্ষ্যণীয় যে এপ'লো হাস্পতাল আৰু ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ দ্বাৰা স্পুটনিক V ড'জৰ প্ৰথম পৰ্যায় ১৭ মে'ত হায়দৰাবাদত আৰু ১৮ মে'ত বিশাখাপত্তনমত আৰম্ভ হৈছিল। এপ'লো হাস্পতালৰ উপৰিও এই ভেকছিন হায়দৰাবাদৰ কণ্টিনেণ্টেল হাস্পতালতো উপলব্ধ। স্পুটনিক V-ৰ প্ৰতিটো পালিৰ মূল্য হৈছে ১,১৪৫ টকা। RDIF পূৰ্বে ১০ জুনত ঘোষণা কৰিছিল যে বাহৰেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা টিকাকৰণ অভিযানৰ সময়ত স্পুটনিক V ভেকছিনৰ কাৰ্যকাৰিতা ৯৪.৩ শতাংশ হ'ব বুলি অনুমান কৰা হৈছিল।

মধুকৰ ৰেবিনো চিকিৎসালয়ৰ বিষয়াই সংবাদ সংস্থা ANIক কয় এনেদৰে , "দিল্লীৰ মধুকৰ ৰেবিনো শিশু চিকিৎসালয়ে ২০ জুনৰ ভিতৰত ৰাছিয়াৰ কোভিড-১৯ ভেকছিন স্পুটনিক V অস্থায়ীভাৱে প্ৰদান কৰা আৰম্ভ কৰিব। Co-Win পোর্টেলৰ জৰিয়তে বুকিং কৰিব লাগিব । তেওঁ লগতে কয় যে স্পুটনিকৰ মুঠ কিমান ড'জ উপলব্ধ হ'ব সেয়া এই সপ্তাহৰ শেষৰ ফালেহে নিশ্চিত কৰিব পৰা যাব । ক'ভিশ্বিল্ড আৰু ক'ভাক্সিনৰ পিছত স্পুটনিক V হৈছে দেশত ব্যৱহাৰৰ বাবে ভাৰত চৰকাৰে অনুমতি দিয়া তৃতীয়টো ভেকছিন।

দেশত ২৫.৮৭ কোটিৰো অধিক লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে -

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে জনায় যে এতিয়ালৈকে ২৫.৮৭ কোটিতকৈও অধিক ভেকছিনৰ ড'জ প্ৰদান কৰা হৈছে। সোমবাৰে ১৮-৪৪ বছৰ বয়সৰ ২০,৯৯,৬২১ গৰাকী লোকক ভেকছিনৰ প্ৰথম পালি দিয়া হৈছিল, আনহাতে ১,১৬,৩২৬ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছিল। মন্ত্ৰালয়ে কয় যে দেশত ভাইৰাছৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ টিকাকৰণৰ আৰম্ভণিৰ পৰা ১৮-৪৪ বছৰ বয়সৰ ৪,৩৪,৩৫,০৩২ গৰাকী লোকে কোভিড ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ৮,৩৩,৮০৮ গৰাকী লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে।
First published: