যদি আপুনি সোণ কিনিব বিচাৰিছে তেনেহ’লে এইটো আপোনাৰ কাৰণে ভাল সুযোগ। এই সময়ত সোণ ৰেকৰ্ড উচ্চস্তৰৰ পৰা ৮০৯৫ টকা সস্তাত পোৱা গৈছে।
যদি আপুনি সোণ কিনিব বিচাৰিছে তেনেহ’লে এইটো আপোনাৰ কাৰণে ভাল সুযোগ। এই সময়ত সোণ ৰেকৰ্ড উচ্চস্তৰৰ পৰা ৮০৯৫ টকা সস্তাত পোৱা গৈছে।
নতুন দিল্লীঃ উৎসৱৰ বতৰত সোণ–ৰূপৰ মূল্যৰ (Gold Silver Price Today) উত্থান–পতন চলি আছে। গতিকে আপুনি যদি সোণ–ৰূপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেনেহ’লে এয়া আপোনাৰ বাবে ভাল সুযোগ। মাল্টি কম’ডিটিজ এক্সচেঞ্জত (MCX) আজি ডিচেম্বৰৰ ডেলিভাৰী সোণৰ মূল্যত ০.১২ শতাংশ হ্ৰাস লক্ষ্য কৰা হৈছে আনহাতে ৰূপৰ মূল্য (Silver price) ০.২৬ হ্ৰাস পাই ব্যৱসায় কৰি আছে।
উল্লেখ্য যে যোৱা বছৰ একে সময়তে MCXত দহ গ্ৰাম সোণৰ দাম ৫৬,২০০ টকাৰ উচ্চতম স্তৰত আছিল। আজি সোণৰ ডিচেম্বৰ মূল্য MCXত প্ৰতি দহ গ্ৰামত ৪৮,১৪১ টকাৰ স্তৰত আছে। অৰ্থাৎ এতিয়াও সোণ ৮০৫৯ টকা সস্তা পোৱা গৈছে।
জানক সোণ–ৰূপৰ বৰ্তমান মূল্য (Gold Silver Price)
অক্টোবৰ ডেলিভাৰী গোল্ডৰ মূল্য আজি ০.১২ শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৪৮,১৪১ টকাৰ স্তৰত আছে। আনহাতে ব্যৱসায়ত ৰূপৰ মূল্য ০.২৬ শতাংশ হ্ৰাস পাইছে। আজি এক কিলোগ্ৰাম ৰূপৰ মূল্য ৬৫,৯৬৪ টকা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|