• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • সুখবৰ! ধনতেৰাছৰ পূৰ্বে সস্তা হ’ল সোণ! ৰেকৰ্ড লেভেলৰ পৰা আজি ৪হাজাৰ টকা পৰ্যন্ত সস্তাত সোণ, জানক ৰেট

সুখবৰ! ধনতেৰাছৰ পূৰ্বে সস্তা হ’ল সোণ! ৰেকৰ্ড লেভেলৰ পৰা আজি ৪হাজাৰ টকা পৰ্যন্ত সস্তাত সোণ, জানক ৰেট

Gold Price Today- যদি আপুনি ধনতেৰাছ বা দিপাৱলীত (Dhanteras or Diwali) সোণ ক্ৰয় কৰিব বিচাৰে এয়া আপোনাৰ কাৰণে ভাল সুযোগ।

Gold Price Today- যদি আপুনি ধনতেৰাছ বা দিপাৱলীত (Dhanteras or Diwali) সোণ ক্ৰয় কৰিব বিচাৰে এয়া আপোনাৰ কাৰণে ভাল সুযোগ।

Gold Price Today- যদি আপুনি ধনতেৰাছ বা দিপাৱলীত (Dhanteras or Diwali) সোণ ক্ৰয় কৰিব বিচাৰে এয়া আপোনাৰ কাৰণে ভাল সুযোগ।

  • Share this:
নতুন দিল্লীঃ ধনতেৰাছৰ পূৰ্বে (dhanteras 2021) সোণৰ দাম হ্ৰাস (Gold price today) পাইছে। আজি বুধবাৰে মাল্টি কম’ডিটিজ এক্সচেঞ্জত (MCX) সোণৰ দাম (Gold rate) ০.১০ শতাংশ হ্ৰাস পাইছে। এই হ্ৰাস পোৱাৰ পিছত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৪৭,৭৬৫ টকা হৈছে। আনহাতে ৰূপৰ দাম (Silver price today) বঢ়া দেখিবলৈ পোৱা গৈছে। MCX–ত ৰূপৰ দাম ০.০৯ শতাংশ বাঢ়ি ৬৫০৫০ টকাত ট্ৰেড কৰিছে।

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ হিচাপত বৰ্তমান সোণৰ দাম এতিয়াও ৪হাজাৰ টকা সস্তাত পোৱা গৈছে। বিগত বৰ্ষৰ আজিৰ দিনটোত MCXত ১০ গ্ৰাম সোণৰ দাম ৫১,০৭৯ টকা আছিল আৰু আজি সোণৰ দাম দহ গ্ৰামত ৪৭,৭৬৫ টকা হৈছে। গতিকে সোণ এতিয়াও ৰেকৰ্ড লেভেলৰ পৰা ৩,৩১৪ টকা সস্তাত বিক্ৰী হৈছে।

বিনিয়োগকৰ্তাৰ মতে সোণৰ দাম বৃদ্ধিলৈ চাই দিপাৱলী পৰ্যন্ত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৫০,০০০ টকাৰ স্তৰ পাবগৈ পাৰে। আন অৰ্থত যদি এতিয়াৰ ৰেটত সোণ ক্ৰয় কৰে তেতিয়া প্ৰতি দহ গ্ৰামত ২,৫০০ টকা অধিক উপাৰ্জন কৰিব পাৰিব।

সোণৰ বিশুদ্ধতা কেনেকৈ ধৰিবঃ
চৰকাৰে এটা এপ বনাইছে যিটোৰ নাম ‘BIS Care app’। এই এপৰ সহায়ক গ্ৰাহকে (Consumer) সোণৰ (Gold) বিশুদ্ধতা (Purity) পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে জৰিত যিকোনো অভিযোগ দাখিল কৰিব পাৰে।

এই এপত (App) যদি সামগ্ৰীৰ লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন আৰু হলমাৰ্ক ভুল পোৱা যায় তেনেহ’লে গ্ৰাহকে লগে লগে ইয়াৰ অভিযোগ সংশ্লিষ্ট বিভাগত দাখিল কৰিব পাৰে।

ঘৰতে বহি আপুনি সোণ–ৰূপৰ দাম জানিব পাৰে। ইয়াৰ কাৰণে আপুনি মাত্ৰ ৮৯৫৫৬৬৪৪৩৩ত মিচড কল দিয়ক। মেচেজত আপুনি গম পাব শেহতীয়া ৰেট।
First published: