নতুন দিল্লীঃ সোণ–ৰূপৰ দাম (Gold Silver Price Today) আকৌ বাঢ়িবলৈ ধৰিছে। যোৱা কিছু মাহৰ হিচাপত সোণৰ দামৰ ক্ষেত্ৰত যথেষ্ট উত্থান–পতন দেখিবলৈ পোৱা গৈছে। এনেকুৱাত যদি আপুনি সোণ কিনাৰ পৰিকল্পনা কৰিছে তেনেহ’লে বিশেষজ্ঞৰ মতে আগলৈ দাম আৰু বাঢ়িব। মাল্টি কম’ডিটিজ এক্সেঞ্জত(MCX) আজি ডিচেম্বৰ মাহত ডেলিভাৰী হ’বলগীয়া সোণৰ দাম ০.১১ শতাংশ বঢ়া দেখা গৈছে আনহাতে ৰূপৰ দাম (Silver price) ০.৫৫ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰি আছে।
জানক আজি সোণ–ৰূপৰ মূল্য (Gold Silver Price)অক্টোবৰত ডেলিভাৰী দিয়া সোণৰ দাম আজি ০.১১ শতাংশ বাঢ়ি প্ৰতি দহ গ্ৰামত ৪৭,৩৪২ টকাৰ স্তৰত আছে। আনহাতে আজি ৰূপৰ ব্যৱসায় ০.৫৫ শতাংশ বাঢ়ি প্ৰতি কিলোগ্ৰামত ৬৩,৬১২ টকাৰ স্তৰত আছে।
বিশেষজ্ঞৰ মতে দিপাৱলীৰ পৰা ডিচেম্বৰ মাহলৈকে সোণৰ দাম ৫৭ হাজাৰৰ পৰা ৬০ হাজাৰলৈকে যাব পাৰে। আনহাতে ৰূপৰ ক্ষেত্ৰত আৰু অধিক বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। অধিকাংশ ট্ৰেডাৰ্ছৰ মতে দিপাৱলী বা বছৰৰ শেষলৈকে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৭৬,০০০ টকাৰ পৰা ৮২,০০০ টকা পৰ্যন্ত হ’ব পাৰে।
ঘৰতে বহি আপুনি সোণ–ৰূপৰ দাম জানিব পাৰে। ইয়াৰ কাৰণে আপুনি মাত্ৰ ৮৯৫৫৬৬৪৪৩৩ত মিচড কল দিয়ক। মেচেজত আপুনি গম পাব শেহতীয়া ৰেট।
সোণৰ বিশুদ্ধতা কেনেকৈ ধৰিবঃ
চৰকাৰে এটা এপ বনাইছে যিটোৰ নাম ‘BIS Care app’। এই এপৰ সহায়ক গ্ৰাহকে (Consumer) সোণৰ (Gold) বিশুদ্ধতা (Purity) পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে জৰিত যিকোনো অভিযোগ দাখিল কৰিব পাৰে।
এই এপত (App) যদি সামগ্ৰীৰ লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন আৰু হলমাৰ্ক ভুল পোৱা যায় তেনেহ’লে গ্ৰাহকে লগে লগে ইয়াৰ অভিযোগ সংশ্লিষ্ট বিভাগত দাখিল কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|