• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... মোদীৰ সৈতে কি আলোচনা কৰিলে সোণোৱালে ?

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... মোদীৰ সৈতে কি আলোচনা কৰিলে সোণোৱালে ?

photo-twitter

photo-twitter

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

  • Share this:
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সন্ধিয়া ভাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী। ইয়াৰ পিছত সোণোৱালে বিজেপিৰ আন শীৰ্ষ নেতাসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ আমন্ত্ৰণ জনাইছিল সৰ্বানন্দ সোণোৱালক। কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান প্ৰাপ্তিক লৈ নেতৃত্বৰে  আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ স্থানত নতুন মুখ্যমন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মা।  এতিয়া সোণোৱালক কি নতুন দায়িত্ব দিয়া হ’ব তাকে লৈ ৰাজ্যজুৰি চলি আছে আলোচনা । বিজেপিয়ে কৈছে যে সোণোৱালক মৰ্যাদাসহ উচিত পদবী প্ৰদান কৰা হ’ব।

এতিয়া সকলোৰে বাবে প্ৰশ্ন হৈ পৰিছে কি হ'ব সৰ্বানন্দ সোণোৱালৰ নতুন দায়িত্ব ? মাজুলী এৰি দিল্লীলৈ যাব নেকি সোণোৱাল ?
Published by:Kokil Sarma
First published: