• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • ভূঁইকপে জোকাৰিলে দিল্লী: ৫.৪ প্ৰাবল্যৰ ভূঁইকপৰ অভিকেন্দ্ৰ নেপাল; উত্তৰ-ভাৰততো অনুভূত কম্পন

ভূঁইকপে জোকাৰিলে দিল্লী: ৫.৪ প্ৰাবল্যৰ ভূঁইকপৰ অভিকেন্দ্ৰ নেপাল; উত্তৰ-ভাৰততো অনুভূত কম্পন

ভূঁইকপে জোকাৰিলে দিল্লী: ৫.৪ প্ৰাবল্যৰ ভূঁইকপৰ অভিকেন্দ্ৰ নেপাল; উত্তৰ-ভাৰততো অনুভূত কম্পন

ভূঁইকপে জোকাৰিলে দিল্লী: ৫.৪ প্ৰাবল্যৰ ভূঁইকপৰ অভিকেন্দ্ৰ নেপাল; উত্তৰ-ভাৰততো অনুভূত কম্পন

দিল্লী আৰু চুবুৰীয়া অঞ্চলত হোৱা এই ভূমিকম্পৰ পিছত এতিয়ালৈকে কোনো লোক হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

  • Share this:
শনিবাৰে দিল্লী, এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ কিছু ৰাজ্য ভূমিকম্পৰ সাক্ষী হৈ পৰে। উত্তৰাখণ্ডৰ যোশিমাথৰ পৰা ২১২ কিলোমিটাৰ দক্ষিণ-পূবে থকা নেপালত ৫.৪ প্ৰাবল্যৰ ভূমিকম্পৰ সময়তে এই কম্পন অনুভত হয়।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ উদ্ধৃতি অনুসৰি নেপালত ১০ কিলোমিটাৰ গভীৰতাত ২৯.২৮ উত্তৰ আৰু দ্ৰাঘিমাংশ ৮১.২০ পূবত ভূমিকম্পৰ উৎপত্তি হৈছিল।

দিল্লী-এনচিআৰৰ উপৰি নতুন তেহৰী, পিথোৰাগড়, বাগেশ্বৰ, পৌৰী আদি চহৰকে ধৰি উত্তৰাখণ্ডৰ কিছু অংশতো কম্পন অনুভূত হয়। উত্তৰ প্ৰদেশৰ কিছু অংশতো অনুভৱ কৰা হৈছিল এই কম্পন।

পিথোৰাগড় দুৰ্যোগ ব্যৱস্থাপনা বিষয়া বি এছ মহৰে পিটিআইক জনোৱা মতে, "ভূমিকম্পৰ উৎপত্তি ১০ কিলোমিটাৰ দ আৰু নেপালৰ চিলাংগা চহৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত আছিল। ক্ষতিগ্ৰস্ত দেশসমূহ হৈছে ভাৰত, চীন আৰু নেপাল।"

দিল্লী আৰু চুবুৰীয়া অঞ্চলত হোৱা এই ভূমিকম্পৰ পিছত এতিয়ালৈকে কোনো লোক হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

পশ্চিম নেপালত কেন্দ্ৰীভূত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকল কঁপাই তোলাৰ মাত্ৰ কেইদিনমানৰ পিছতে পুনৰ ভূঁইকপে জোকাৰি যায় নেপাল। উল্লেখযোগ্য যে নেপালত এইটো হৈছে সপ্তাহৰ তৃতীয়টো ভূমিকম্প।

বৃহস্পতিবাৰে কাঠমাণ্ডুৰ পৰা ৭৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাজুৰা জিলাৰ খাপ্তাদ চেদেদহা গ্ৰাম্য পৌৰসভাৰ কদা অঞ্চলত ভূমিকম্পৰ কেন্দ্ৰৰে নেপালত ৪.১ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। এই ঘটনাত মুঠ ৬ জন লোকৰ মৃত্যু হয়।

বুধবাৰৰ ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল পশ্চিম নেপালৰ দোটি জিলাৰ খাপ্তাদ ৰাষ্ট্ৰীয় উদ্যানত।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি